Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

অপমৃত্যু (চুটি-গল্প)



অপমৃত্যু 

ডিচেম্বৰ মাহৰ এটা দিন । চনটো পাহৰিছো । সেইদিনা আছিল অসমৰ জাতীয় সংগঠন এটাই আহ্বান জনোৱা পথ বন্ধকাৰ্য্যসুচী। সেই সময়ত এই জাতীয় সংগঠনটোৰ নিৰ্দেশমৰ্মে অসমৰ সকোলো ঠাইতে এনে ধৰণৰ কাৰ্য্যসুচী স্বত:স্ফুৰ্তভাৱে ভাৱে পালন কৰা হৈছিল।
সুন্দৰ ফৰকাল বতৰ, আমাৰ কোনো কাম নথকাত ১০-১১ বজাতে ক্ৰিকেট খেলিবলৈ ওলাই গলো । খেলাৰ ঠাই হৈছে ওচৰৰে আমাৰ আহল বহল ৰাজগড় পথটো । কোনো ধৰণৰ গাড়ী-মটৰ নাই, মোটামোটি এখন সুন্দৰ খেলপথাৰৰ নিচিনাই হৈ পৰিছিল । বেছ কেইজনমান গোট খালো, কিন্তু কথা হল বল আছে, বেট নাই । পৰহি আবেলি বুলে বেট ধৰি থাকোতে বেটৰ নাল ডাল ভাগি থাকিল, সেইকাৰণে সি খেলিবলৈও অহা নাছিল । কেনেবাকৈ বেটখনো যোগাৰ কৰা হল । ষ্টাম্প কেইডাল বাঁহেৰে কৰা হল । কল্কিও আমাৰ খেলাৰ সংগী হল । কল্কিহৈছে আমাৰ পোহনীয়া কুকুৰ । সিও প্রায়ে আমাৰ লগত থাকি সুখ-দুখৰ ভাগ লয় ।

যথাসময়ত আমি ৬ জন মান লৰাই খেল আৰম্ভ কৰিলো ।
কল্কিও ঠিক উইকে্টকীপাৰৰ দৰে মোৰ পিছফালে থিয় হৈ আছিল । মই বেট ধৰি মদনৰ বল কোবাই আছিলো, লটো ইফালে-সিফালে গলে কল্কিয়ে নিমিষতে বলটো আনি দিয়ে । তাৰ বলৰ ওপৰত তীক্ষ্ণ দৃষ্টি আছিল । এনেকৈ খেলি থাকোতে বল ধৰিবলৈ গৈ কল্কিএবাৰ গাঁত এটাত সোমাই ভৰি এখনত দুখো পালে, অকনমান পিহি মৰম কৰি দিয়াত আকৌ খেলত ভাগ ললে
বগাৰ বেটিং আছিল নেকি, পাহৰিলো । সি দ্বিতীয় বলটো কোবাই জঙ্ঘলৰ মাজত পেলালে । আমি বিছাৰি নোপোৱাত, ‘কল্কিয়েও বিছাৰিবলৈ আৰম্ভ কৰিছিল, ঠিক সেই সময়তে পিছফালে কিবা এটাৰ গন্দগোল শুনিলো ।
সকলোৱে ঘূৰি চাই দেখো তিনিজন লৰাক চি.আৰ.পি.ফ.ৰ জোৱান কেইজনমানে খেদি ফুৰিছে । ধৰা পৰাৰ ভয়ত সিহঁতে তৰা-নৰা ছিগি দৌৰিছে । ধৰিব নোৱাৰি চি.আৰ.পি.ফ.ৰ জোৱান এজনে লাঠিডালকে দলিয়ালৈ এজনৰ গালৈ । ঘটনাক্রমে লাঠি পৰিল গৈ আমাৰ কল্কিৰ গাত । সি বিতুষ্ট হৈ খেদি গৈ জোৱান জনৰ ভৰিতে কামুৰি দিলে । কথা বিষম দেখি আমি ছত্রভঙ্গ দিলো মাথো কল্কিয়েহে কিছু সময়লৈ দৌৰি দৌৰি ভুকি থাকিল । তাৰ খং আছিল সুন্দৰ আৰু শান্তিপূৰ্ণ সময় এটাৰ অপমৃত্যুত।
(দিগন্ত যাদৱ শৰ্মা)(xahitya.org | June 15, 2012 প্ৰকাশিত)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)