Monday, January 28, 2013

সঙ্গীত আৰু কলহ :: ছাত্রাবাসৰ এডোখৰ (১)



সঙ্গীত আৰু কলহ :: ছাত্রাবাসৰ এডোখৰ 


কেৰকেৰকেৰকেৰ
অইচাবিচাবি
গৰৰৰৰৰৰৰৰৰগুৰুমমমম
আইঔমৰিলোঐ মৰিলো, ল গ
৪০৭ ত কোনো নাছিল। ৪০৮ ও তলা বন্ধ, ৪০৯ৰ পৰা শৰতদা দৌৰি আহিল ।
দুপ দাপদুপ দাপ
জোতা, চেণ্ডেল, খালি ভৰিৰ শব্দৰে ১০১, ১০৯, ২০৮, ৩০৫, ৩০৮, ৩১০ৰ পৰা পলাশ, নৱ, চেলিমদা, চৌবে, কুৰিয়ানদা, ইন্দ্রপাল, লোচন, ইংতি, জৌভা, হাকলিয়ানা, কাতেলদা, মেথিও, ফিলিপ, সিংদা দৌৰি আহিল। আটাইবোৰ ছাত্রাবাসৰ ৪০৬ নং কোঠালীটোলৈ সোমাই আহিল। শব্দটো নিশ্চয় যথেষ্ট ডাঙৰ আছিল, সেয়ে গেটত থকা আমাৰ চকীদাৰ তিৱাৰীও দৌৰি আহিল ।
-কি হ, কি হ, কেনেকৈ হ?
-কাম নাই আৰু তহঁতৰ ।
-হাঃ হাঃ হাঃ, বঢ়িয়া । কেনে মজা। ৰপাবি এতিয়া, ‘চুপাৰআহি আছে।
-বাপৰে বাপ, কাৰ কিমান যে কি মন্তব্য । দুই এজনে আকৌ খুব স্ফূৰ্তিও পালে।
-“বেটা তহঁতে কিবা লাইফটো উপভোগ কৰিব জাননে, আমি কিবা অলপ স্ফূৰ্তি কৰিলে তঁহতৰ হিংসাহে হয়ছেট্রিয়ে খুব হাঁহি থকা দেখি লোচন আৰু ইংতিক কথা শুনাই দিলে।
-“হাঁহিব আহিছ গাধ, মৰিব নজনাহঁত । আইঔ, মৰিলোঔ’, উঠাই দে মোক কোনোবাই…” মজিয়াত পৰি থকাৰ পৰা হান্টাৰওৰফে হেমন্তই কেঁকাই-গেথাই কলে।
-“ইয়াৰ আকৌ কি হল। হাত ভৰি ভঙা নাইতো ? এম্বুলেন্স খন মাতিব লাগিব যেন পাইছোঁ। যা যা পিচিঅটোতে ফোন এটা কৰি আমাৰ ডাঃ শইকীয়া চাৰ আছেনে খবৰ ল
নাই যদি আকৌ কোনোবা প্রাইভেট ক্লিনিকতহে নিব লাগিব। পলাশে হেমন্তক লৈ ব্যস্ত হৈ পৰিল। হেমন্ত আকৌ তাৰ দূৰ সম্পৰ্কীয় জেঠায়েকৰ লৰা।
কাতেলদা আৰু চেলিমদাই হেমন্তক তুলি ধৰিলে।
-“কাতেলদা, চেলিমদা চাওঁ এৰি দিয়কছোননিজে নিজে থিয় হব পাৰোঁ নেকি চেষ্টা কৰো। আইঐ বৰ বিষাইছে দেখোনলেকেচিয়াই লেকেচিয়াই কোনোমতেহে কিশোৰৰ বিছনাখনত হেমন্তই বহি ললে।
-“ল গল মোৰ আটাইবোৰ শেষ, কলহো গল। গোটেইবোৰ ভাঙি ছিগি শেষহঠাতে দেখোন দিলীপে চিঞৰি উঠিল।
-“তই কিন্তু ৰাতি মোৰ লগত চেয়াৰকৰিব নোৱাৰ দেই। তোৰ গা বৰ বেয়া গোন্ধায়, গা-পা নোধোৱ
মাখনহঁত নাই, তাতে শুই থাকিবিদিলীপৰ ৰুমমেটকিশোৰে কলে ।
-“’, পঢ়োঁতে পঢ়োঁতে ৰাতি দেখোন তোৰ শুবলৈ যাওঁতে সদায়ে এক বাজে। আজি আকৌ এই ফুট গধূলিতে তোৰ শুবলৈ চিন্তা হলেইনে । দৰকাৰ নাই তোৰ বিছনা, মজিয়া খনতে শুই থাকিম । কবিৰাজ কৰবাৰ, খালি পঢ়া পঢ়া আৰু পঢ়া। তইতো ভালেই পাইছ মোৰ কলহ কেইটা ভঙাত। চাবিচোন আকৌ আগৰ দৰে সাজিম।দিলীপৰ উত্তৰ। এনেয়ে কিশোৰৰ ওপৰত খং, ইমান অপমান কৰে সি কলহকেইটাক। দিলীপে মিউজিক চিষ্টেমটো বজাই থাকিলে কিশোৰে কাণত তুলা ভৰাই পঢ়ি থাকে।
হয়তো ! সৌ সিদিনা দেউতাকে পঠিওৱা মাহটোৰ টকাকেইটাৰ পৰা কিমান কষ্ট কৰি কিবাকৈ অলপ সাঁচি ,লাখটকীয়াৰ ২ নং গেটৰ ইলেকট্রিকেল দোকানৰ পৰা পার্টচবোৰ আনি ভাল চাউন্দওলাবৰ বাবে এমপ্লিফায়াৰএটা সাজি উলিয়াইছিলে। মইও তাৰ লগত গৈছিলোঁ । সেই সন্ধিয়াতে আমি দুয়োজনে হাইওৱেটোৰ কাষৰ বিহাৰী পৰিয়ালটোৰ পৰা দুটা কলহো কিনি আনিছিলোঁ । চিনাকি ট্রাক চালক এজনৰ পৰা ২০০ টকাত কাৰ টেপএটা সি আগতে কিনি ৰাখিছিল। ফিটিংকৰাৰ পিছত কি চাউন্দকলহ কেইটাও বৰ জোখৰ আছিল। দুটা কলহত দুটা স্পীকাৰকলহ দুটা সি তাৰ বিছনাৰ তলতে ৰাখিছিল। ছাত্রাবাসত কোনে কিমান জোৰত গান বজাব পাৰে তাৰে প্ৰতিযোগিতা চলে। বন্ধৰ দিনতহে জমনিহয়। বেছিভাগেই যাৰ ৰুমত যি আছে বজোৱা আৰম্ভ কৰে, তাতে আকৌ ফুল ভলিউমত। গতিকে কাৰ ৰুমত কি গান বাজি আছে স্পীকাৰত কাণ পাতি শুনিলেহে ধৰিব পাৰি; জেনেট জেকছন নে মাইকেল জেকছন, বিটিলচ, বনিএম নে লতা মঙ্গেশকাৰ, কিশোৰ কুমাৰ নে যেছুদাছৰ গান বাজি আছে। এতিয়া সেই দুয়োটা কলহেই ভাঙি চুৰমাৰ । বাকী সৰঞ্জাম বোৰ ঠিকে আছেনে নাই তেৰাইহে জানে। গতিকে দিলীপৰ মাথা গৰম নহবনো কিয়।
চুপাৰ চাৰঅহাৰ কথা আছিলেই। সাধাৰণতে চাৰি মহলীয়া ছাত্রাবাসটোৰ গ্রাউন্ড ফ্লোৰৰ পৰাই মানে ১০১ নং কোঠাৰ পৰাই চাৰে চেককৰি আহে। আজি যেনিবা তলতে ওপৰত কিবা এটা গণ্ডগোলৰ উমান পাই ডাইৰেক্টমানে একেবাৰে হোষ্টেলৰ চাৰি মহলাত থকা ৪০৬ নং কোঠালীটোলৈ সোমাই আহিল। আমি কোঠাটোত ১৬ জনমান আছিলোৱেই। বহি থকা দুজনো থিয় হ, হেমন্তও কোনোমতে কেঁকাই গেথাই থিয় দিলে। বাকীবোৰেটো থিয় হৈয়ে আছিল, বহিবনো কত।
চুপাৰ চাৰে ঘটনাৰ আদ্যোপান্ত বিচাৰিলে । আমাৰ ভয়ো লাগিল, এনেয়ে তাচ খেলাৰ কথা দেখিলে বা শুনিলে চাৰে ভালেই নাপায়। বিশ্বাসে নকৰে, পইচা নহলে তাচ খেলেনে আৰু কোনোবাই । উপায় নাই, চাৰে জানে কিশোৰৰ কথা । সি মিছা কথা নকয় গতিকে তাকে সুধিলে। হে হৰি কিশোৰে সঁচা কথাবোৰ কৈয়েই দিলে নহয় !
আচলতে ঘটনাটো এইধৰণৰ। পিছদিনাখন দেওবাৰ, গতিকে বহু কেইজনে চাৰৰ পৰা অনুমতি লৈ এদিন কটাবলৈ নিজৰ নিজৰ কোনো আত্মীয়ৰ ঘৰলৈ গৈছে। যি কেইজন আছে তাৰো কেইজনমানে ফার্স্ট শ্বো চিনেমাচাবলৈ গৈছে। দিলীপ আৰু কিশোৰৰ কোঠাত আমি চাৰিজনে তাচ যোৰ উলিয়াই টুৱেন্টি নাইনখেলিবলৈ লৈছিলোঁ । দিলীপৰ কলহ দুটাত ফুল ভলিউমত জিতুল সোণোৱালৰ মৰমী লগৰী, নাযাবা আঁতৰিবাজি আছে। কুঞ্জ হল এক মহা কবিৰাজ। এনেয়ে হলে আমি খেলি থকা সময়ত সি ৪০৮ত থকা বিজিতৰ তালৈ পঢ়িবলৈ যায়। আজি আকৌ বিজিতো নাই, তাৰ ৰুমমেটো নাই। কেইজনমানে আকৌ এনেয়ে ভিৰ কৰিছিলহি। চাৰিজনেহে খেলিব, গতিকে আৰু চাৰি-পাঁচ জন দর্শকৰ ৰূপত দিলীপৰ বিচনাত । দুজনীয়া কোঠাটোত চকী দুখনহে থাকে। গতিকে ৯ জন মান একেলগে দিলীপৰ বিচনাত। এজনীয়া বিছনা খনে আৰু ইমানকৈ সহিব পাৰেনে । শেষ মুহূৰ্তত ফলাফল ৫০:৫০ নহলেও ৪০:৬০ অনুপাতত মাজতে বিছনাখন ভাঙি থাকিল । লগে লগে জিতুল সোণোৱালৰ মৰমী লগৰীও দিলীপৰ হিয়াখন ভাঙি চুৰমাৰ কৰি অবাধ্য হৈ আঁতৰি গল । বিছনাৰ তলতে আছিল দিলীপৰ অমুল্য সম্পদ, কলহ দুটাৰে সৈতে নতুনকৈ সঁজা এমপ্লিফায়াৰটো। সেইটোও ভাঙি চুৰমাৰ। চাৰে আকৌ অত তত সিঁচৰিত হৈ থকা ভঙা কলহৰ টুকুৰা কেইটা দেখি আচৰিত হৈছিল, একো অনুমান কৰিব নোৱাৰি দিলীপকে সুধিলে।
ইয়াত আকৌ কলহৰ দৰকাৰ কিয় ? কি কৰা তোমালোকে ?” চাৰৰ বেলেগ কিবা এটাহে সন্দেহ হৈছিল। কিয়নো এক কিঃমিঃ দূৰৰ পাহাৰৰ দাঁতিকাষৰীয়া ঠাইখিনিত কেইঘৰমান মানুহৰ তাত সেইবিধতৈয়াৰ কৰি বিক্ৰীও কৰে। আমাৰ মাজৰে অত্যুৎসাহী দুজনমানৰ সেইবিধৰ অভিজ্ঞতাও নথকা নহয় । সেইবিধবুলি ভাবি চাৰে হাতত ভঙা কলহৰ এটুকুৰা লৈ গোন্ধ লৈও চালে, নহয় দেখোন ! চাৰক হয়তো কোনোবাই কৈছিল যে কলহত ফটিকা এবিধ তৈয়াৰ কৰা হয় ।
দিলীপে দুখতে সেপ ঢুকি কলে চাৰ, সেই দুটা মোৰ গানৰ কলহ আছিল

গানৰ কলহ! … তুমি সঙ্গীতৰ কথা কোৱা নাইতো!” অবাক হৈ কিনো কৈছে ভালদৰে বুজিব নোৱাৰি চাৰে মোৰ ফালে চালে ।
মইয়ে কলো চাৰ, মানে ইয়াত কলহ দুটাৰ মুখত কেছেট প্লেয়াৰটোৰ পৰা কানেকছনকৰা স্পিকাৰ দুটা ৰাখিছিল, ভালকৈ বেছট্রেবপোৱা যায়, শুনিও ভাল লাগে
চাৰে শুনি বোধকৰো খুব ৰস পালে, মন খুলি হাঁহিলেও; লে বাপৰে, তোমালোকে ভাল লাইফ এনজয়কৰিছা দেই । কলহত আমি পানীহে থওঁ, তোমালোকে গানো বজোৱা । বাঃ কি সুন্দৰ ব্যৱস্থা
কলহ নোহোৱাকৈ এনেয়েটো শুনিব পাৰা, নহয়নেচাৰে আকৌ সুধিলে ।
বাকী বোৰে ইমান জোৰে বজায় যে মই নিজৰটোৱেই শুনিবলৈ নাপাওঁ, সেয়ে এই ব্যৱস্থা কৰি লৈছিলোঁদিলীপে কলে ।
নাজানো চাৰৰ কি হল । তাচ খেলাৰ বাবে আমাক একো টানকৈয়ো নকলে । আমাৰ সন্মুখতে হোষ্টেল মনিটৰস্বপনদাক কলে ষ্টোৰ ৰুমত খাট এখন আছে । তমlলক কৈ এতিয়াই দিলীপহতঁৰ ৰুমলৈ অনাৰ ব্যৱস্থা কৰা

(দিগন্ত যাদৱ শৰ্মা)
( xahitya.org | December 14, 2012 প্ৰকাশিত)