Posts

Showing posts from January, 2013

Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

সংস্কৃতিৰ উৎকৰ্ষত ৰূপকোঁৱৰ: (প্ৰবন্ধ)

সংস্কৃতিৰ উৎকৰ্ষত ৰূপকোঁৱৰ :   ( তেওঁ সঁচাকৈয়ে সুন্দৰৰ পূজাৰী আছিল। কিছুমান অনুষ্ঠানৰ সুন্দৰ সুন্দৰ নামকৰণেৰে তেওঁ ইয়াৰ উজ্জ্বল চানেকি ডাঙি ধৰিছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ মহিলা অনুষ্ঠানটোৰ নাম “ আইদেউৰ বুলনি ” ৰূপকোঁৱৰেই ৰাখি থৈ গৈছিল। ঠিক তেনেকৈ গুৱাহাটীৰ কামৰূপ নাট্য সমিতিৰ মঞ্চখনৰ নামটোও “ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ ” হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেই ৰাখি থৈ গৈছে। ) “ লুইতৰ পাৰৰে আমি ডেকা ল ’ ৰা মৰিবলৈ ভয় নাই …” “ মোৰে ভাৰতৰে মোৰে সপোনৰে চিৰ সুন্দৰ সংস্কৃতি …” “ সাজু হ , সাজু হ , নৱ জোৱান ! সাজু হ , সাজু হ , নৱ জোৱান …” স্কুলৰ তলৰ শ্ৰেণীবোৰত এই গীতবোৰ শুনি শুনিয়ে আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ সৈতে কাৰ্যতঃ চিনাকি হৈছিলোঁ। অলপ ডাঙৰ হোৱাত বুজিছিলোঁ জ্যোতিপ্ৰসাদে অকল গীত ৰচনা কৰি থৈ যোৱাই নাছিল ; তেওঁ আছিল একেধাৰে কবি , নাট্যকাৰ , অভিনেতা আৰু চাহ বাগানৰ পৰিচালকো। ১৭ জুন ১৯০৩ চনত জন্মগ্ৰহণ কৰা পৰমানন্দ আৰু কিৰণময়ী আগৰৱালাৰ সন্তান ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মাত্ৰ ৪৮ বছৰ বয়সত ১৯৫১ চনৰ ১৭ জানুৱাৰীত অকালতে মৃত্যুবৰণ কৰিছিল। পোনপ্ৰথমে তেজ

শিয়াল, নাটক আৰু পুলিচ :: ছাত্রাবাসৰ এডোখৰ (২)

শিয়াল , নাটক আৰু পুলিচ :: ছাত্রাবাসৰ এডোখৰ ( ২ )   (‘ কনিষ্টবল ’ ­ এজনে আনজনক ক ’ লে -“ অই , কি উগ্রপন্থী অ ’ ভয়তে দেখোন কঁপি আছে। ইমান ভয় নে ইহঁতৰ। এনেকৈ দেশ স্বাধীন কৰিবলৈ আহে ? হাঃ হাঃ হাঃ !’) মাজনিশা দুই / তিনি বজাত পুলিচৰ লগত ছুপাৰ ছাৰৰ আবাসলৈ যাবলৈ নিশ্চয় কাৰো ভাল নালাগিব। তাতে যদি আকৌ কোনো অসামাজিক কার্যত জড়িত থকাৰ সন্দেহত ধৰি লৈ যায় ,   তেতিয়াতো কথাই নাই। সদায়ে সকলোৰে মাজত ভাল ল ’ ৰাৰ দৰে হৈ থকাজনৰ অৱস্থা কি হ ’ ব পাৰে সেইটো সহজেই অনুমেয়। বোধকৰো মোৰ ভাগ্য সুপ্রসন্ন আছিল। কিয়নো মই তেনে এক অৱস্থাৰ পৰা ৰক্ষা পৰিছিলো। মোৰ বৰকৈ ঠাণ্ডা লগাত আৰু মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ ৰঞ্জিত আৰু বিপুলক এৰি থৈ সোনকালেই আহি ছাত্রাবাসত সোমাইছিলোহি। তাতে আকৌ কম্বলখনো নিবলৈ পাহৰিছিলো। ৰঞ্জিত আৰু বিপুলক লগত লৈ পুলিচৰ এ এছ আইজনে ছুপাৰ ছাৰৰ আবাসৰ কলিং বেল টিপিলে। ক ’ তনো কলিং বেল বাজিব , কাৰেন্টেই নাই ! বেছি ৰাতি হোৱা বাবেই নেকি এ এছ আইজনে ছাৰক জগাবলৈ অলপ ইতস্ততঃ কৰিছিল , দর্জাখনতো লাহে লাহেহে টোকৰ মাৰিছিল। ছাৰ উঠি নাহেহে দেখোন , ৰঞ্জিত আৰু বিপুলৰ এইবাৰ সঁচাকৈয়ে ভয় লাগিবলৈ ধৰিলে। কি

এক বাকচ চুমা (অনুবাদ)

এক বাকচ চুমা     বৰদিনৰ সময়ৰ কথা । তিনি বছৰীয়া অকণমানি ছোৱালী এজনীক উপহাৰ নুৰিওৱা সোণোৱালী ৰঙৰ কাগজ নষ্ট কৰাৰ অপৰাধত দেউতাকে শাস্তি বিহিলে । বয় - বস্তুৰ মহঙা দিনত কাগজবোৰ অবাবতে নষ্ট কৰাত তেখেতৰ কণমানি জনীৰ ওপৰত খুব খং উঠিছিল । ছোৱালী জনীয়ে ঘৰতে থকা পুৰণি বাকচ এটা সেই কাগজৰে মেৰিয়াইছিল । তাৰ পিছত বাকচটো সজাই পৰাই ‘ খ্রিষ্টমাছ ট্রি ’ এজোপাৰ তলতে থৈ দিছিল । পিছদিনা ৰাতিপুৱা শুই উঠিয়েই ছোৱালীজনীয়ে সোণোৱালী ৰঙৰ কাগজৰে মেৰিয়াই থোৱা বাকচটো হাতত লৈ দেউতাকৰ ওচৰলৈ গৈ ক ’ লে - “ সুপ্রভাত দেউতা , চোৱা মই তোমাৰ বাবে কি আনিছোঁ । এইয়া লোৱা ”- তাই অতি উৎসাহেৰে দেউতাকলৈ বাকচটো আগবঢ়াই দিলে । মিচিকিয়া হাঁহি এটিৰ সৈতে বৰদিনৰ পুৱাই উপহাৰ এটা পাই দেউতাকৰ আগৰ দিনটোৰ ঘটনাটো মনত পৰাত নিজৰ ওচৰতে লজ্জিত হ ’ ল । দেউতাকে তাইক কোলাত লৈ চুমাৰে ওপচাই দিবলৈ মন মেলিলে । তাৰ আগতে বৰ আগ্রহেৰে উপহাৰটোৰ পৰা সোণোৱালী ৰঙৰ কাগজবোৰ খুলিবলৈ ধৰিলে । কিন্তু !!! বাকচটোৰ ভিতৰখন খালি দেখি তেওঁৰ বেছিকৈহে খং উঠিল । ক্ৰোধ আৰু বিৰক্তিত জীয়েকক ক ’ বলৈ ধৰিলে - “ তুমি নাজানা নেকি যেতিয়া তুমি কাৰোবাক কিবা এটা