Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

ফেচবুক ইত্যাদি (অনুভব)




***ফেচবুক ইত্যাদি***

ফেচবুকত বহুদিনৰ পৰাই আছো যদিও পিছলৈকে আমনি লাগিব ধৰিলে । শুনিছিলো “অসমীয়াত কথা বতৰা” গোটৰ কথা । এই গোটত থকা সমাজৰ অগণন সুপ্ৰতিস্থিত সকলৰ লগত এই নিঃকিনৰ অৱস্থান (লিখা-মেলা সংক্ৰান্তীয়) সম্পৰ্কে সন্দিহান হোৱাত গোটত সোমাবলৈ মন কৰা নাছিলো । পিছলৈ মন সলনি হোৱাত এনে ধৰনৰ দুটা গোটত (ইয়াৰে এটা “অসমীয়াত কথা বতৰা”) সোমাবলৈ অনুৰোধ কৰিলো আৰু লগে লগে সদস্য হৈ পৰিলো । এতিয়া কথা হল- একো নকৰাকৈ এনেয়ে গোটৰ সদস্য হৈ নিজে নিজৰ ওচৰত হাহিঁয়াতৰ পাত্ৰ হৈ থাকিম নে ভাগো লম ইয়াতে গতিকে প্ৰথমবাৰৰ বাবে নিজৰ অনুভৱৰ বিষয়ে লিখি এই গোটটোত এটা টোকা Post কৰিলো । মই ভবাই নাছিলো যে মোৰ নিজৰ অনুভৱটোৰ ওপৰত অইন কোনোবাই মন্তব্য দিব । সচাকৈয়ে মনটো ভৰি পৰিল । যি হওঁক মোৰ লিখাত পঢ়িবলগীয়া কিবা পাইছে  আৰু যে অসমীয়াত লিখিব পাৰিছোসাহস গোটাই আৰু দুটামান Post কৰিলো লগতে মাজে সময়ে দিয়া মন্তব্য বোৰ আছেই । (এই কথাখিনিৰ গূৰুত্ব এইবাবেই যে ইয়াত  গোটেইবোৰ অসমীয়াত লিখা হয় )। ভাল লগা কথা এইটোৱেই যে এইসকলৰ মাজত মোৰ চিনাকী নাম বোৰো আছিল, যিবোৰৰ লিখা-মেলা বোৰ বিভিন্ন মাধ্যমৰ যোগেদি প্ৰায়ে পঢ়িবলৈ পাওঁ ।
      মোৰ এই অনুভব খিনি ব্যক্ত কৰাৰ প্ৰধান কাৰন হৈছে-
আমি কেতিয়াওঁ নিজৰ ভাষাটোত লিখিব নোৱাৰিম বুলি হীনমন্যতাত ভুগিব নালাগে, চেষ্টা কৰিলে সচাকৈয়ে পাৰি । আমিয়ে যদি নিজৰ অসমীয়া ভাষা টোত লিখা-মেলা নকৰো কোনে কৰিব । এই কামৰ বাবে “অসমীয়া কথা বতৰা” গোট এটা সৰ্ব্বোত্তম মাধ্যম । অভিজ্ঞতাৰ পৰা কৈছো নতুনকৈ লিখা-মেলাৰ ইচ্ছা থকা সকলৰ বাবে নিজৰ মনৰ ভাব প্ৰকাশ কৰি লিখাটোৱেই হৈছে অসমীয়া লিখাৰ বাবে এটা উত্তম পন্থা ।
বানান ভুলৰ সংশয় ৰোধ কৰিবৰ বাবে “অসমীয়া অভিধান” চোৱাটো হয়টো এক অভ্যাসত পৰিনত হব পাৰে । (মোৰ নিচিনা নতুনৰ বাবে হয়টো এয়া এতিয়াও অভ্যাস হৈ উঠা নাই কিয়নো অসমীয়াত লিখা-মেলাতে এতিয়ালৈকে পাকৈত হৈ উঠা নাই । ক’তনো আৰু বানানৰ বাবে “অসমীয়া অভিধান” চাই থাকিম । (হওতে এইটো এটা লাজৰ কথাই । বৰ্তমানটোত লাজটো একাষৰীয়াকৈ থলো, পিছলৈ আপোনালোকৰ গালি-শপনি বোৰ খাম দিয়ক ।)
ফেসবুকত হোৱাই নোহোৱাই ছবি বোৰ Post কৰি Like বোৰ লৈ থকাতকৈ নিজৰ ভাষাটোত কিবা এটা লিখি বা পঢ়ি বেছিকৈ আনন্দ পোৱা যায়
আমি হয়তো ইয়াৰ বেছিখিনিয়ে স্কুলত অসমীয়া মাধ্যমত পঢ়া-শুনা কৰা, কিন্তু পিছৰ পৰ্যায়ত ইংৰাজী ভাষা অহাত লিখিবৰ বাবে নিজৰ ভাষাটো এলাগী হৈ পৰে গতিকে বহুতে প্ৰতিভা থকা স্বত্তেও অসমীয়াত নিলিখে, ইংৰাজী ভাষাটো লিখিবৰ বাবে সহজবোধ কৰে (মই নিজে কেইজনমানৰ কথা জানো)
আৰু এই আটাইবোৰ কথা-কান্ডৰ বাবে “অসমীয়া কথা বতৰা” গোট এটা উপযুক্ত মাধ্যম ।
এতিয়া মনলৈ অহা খিনিয়ে আনিলো, লিখিবৰ সুবিধা দিয়াৰ বাবে “অসমীয়া কথা বতৰা” গোট আৰু আপোনালোক আটাইলৈকে ধন্যবাদ
---দিগন্ত যাদ শৰ্মা---

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)