Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

সংস্কাৰ’ৰ স্রষ্টাৰ লগত ২০ মিনিট (প্ৰবন্ধ)



***‘সংস্কাৰ’ৰ স্রষ্টাৰ লগত ২০ মিনিট***
=== === === === ===

দহ চেপ্টেম্বৰ, ২০০৮ ইংৰাজী মোৰ বাবে মনত ৰাখিবলগীয়া এটা বিশেষ দিন সময় বোধকৰো দিনৰ ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রায় ওচৰতে পথৰ ওলোটা ফালে থকা ভাৰতীয় স্টেট বেংকৰ গুৱাহাটি শাখাটোত সোমাই আহিলো মোৰ নিজৰ ‘ফিক্সড ডিপ’জিট’ সংক্রান্তিয় লেঠা কামখিনিৰ বাবে বেংকটোৰ দ্বিতীয় মহলাটোত থকা মহিলা বিষয়া গৰাকীৰ ওচৰলৈ গ’লো তেঁও তললৈ মুৰ কৰি হাতত ‘মাউচ’টো লৈ কম্পুউটাৰৰ মনিটৰত কিবা এটা চাই আছিল মই একো নোকোৱাকৈ তেঁও নিজে ওপৰলৈ মূৰ তোলালৈকে বাট চালো সন্মুখত দুখন চকী পাৰি থোৱা আছিল। এগৰাকী মহিলাই ইতিমধ্যেই এখন আসনত বহি আছিল আনখন খালী, ভাবিলো বহো নেকি ! হঠাতে চকু গ’ল মোৰ ফালে পিছ দি বহি থকা মহিলাগৰাকীৰ চুলিখিনি আৰু অবয়ৱটোলৈ কিবা এটা চিনাকী চিনাকী যেন ভাৱ হ’ল অকনমান একাষৰীয় হৈ চাবলৈ চেষ্টা কৰি্লো হয় তেখেতেই ! ইমান ওচৰত। মনটো হঠাতে পুলকিত হৈ পৰিছিল ইমান দিনে ছবি অথবা দূৰদর্শনৰ পর্দাতহে দেখি আছিলো কি ভাগ্যবান মই ! আজি স্বচক্ষ্যেই প্রতক্ষ্য কৰাৰ সোভাগ্য হ’ল কেকোৰা চুলিখিনিৰে সৈতে কপালত এটা ডাঙৰ ৰঙা ফোট চকুত ডাঠকৈ লগোৱা কাজল। হয় সেই মানুহগৰাকীয়েই

মনটো আকুল হৈ পৰিছিল লগতে কিছু সংকোচও হৈছিল বাইদেউৰ লগত দুআষাৰ কথা পতাৰ বাবেতেনেতে সেই সুযোগটোওঁ আহি পৰিছিল বেংকৰ বিষয়া গৰাকীয়ে মোলৈ চোৱাত মই মোৰ উদ্দেশ্যৰ কথা ক’লো তেখেতে কলে -
“আপুনি কিছু সময় অপেক্ষা কৰিব লাগিব য়া বাইদেউ, চিনি পাইছেই নহয় আচলতে কামটোৰ বাবে বাইদেউ নিজেই আন এখন টেবুললৈ যাব লাগে কিন্তু তেখেতক উঠাবলৈ মোৰ ভালো লগা নাই বা মনো যোৱা নাই গতিকে ময়েই কামটো কৰি থৈ আহোগৈ আপুনি বাইদেউৰ লগতেই অকণ মান সময় বহকছোন”
মোৰো হাততে স্বৰগ ঢুকি পোৱাৰ দৰেই হ’লগৈ
“নাই নাই ! এইটো মোৰ বাবেই কিমান সোভাগ্যৰ কথা ! আপোনাৰ যিমান সময় লাগে লাগক বেছিকৈ সময় লাগিলে ভালহে ! ময়ো বাইদেউৰ কাষত বেছি সময় বহি থাকিব পাৰিম” মই এনেদৰেই কৈছিলো মিচিকিয়া হাঁহি এটিৰে তেঁও মোৰ কথা শুনি আছিল

“বহা ইয়াত। কি কৰি আছা, ক’ত থাকা তুমি”... হাঁহিটো তেওঁৰ ওঠত তেতিয়াও লাগিয়েই আছিল। প্রথম সম্বোধনতে মই বাইদেউৰ ওচৰত একেবাৰে সহজ হৈ পৰিছিলো। তেখেতৰ প্রশ্নৰ উত্তৰ দি দি মই তেঁওৰ ওচৰৰ চকী খনতে বহি পৰিছিলো। তেখেতে কৈছিল “মোৰও সেই তোমাৰ দৰেই কাম। কিন্তু কৰবাৰ মাজত সোমাই থকা বাবে চকুত পৰাই নাছিল। কিবা কিবি খোচৰি থাকোতে ‘চার্টিফিকেট’ দুখন হাততে পাই আজিহে ‘ফিক্সড ডিপ’জিট’ৰ টকা খিনি উলিয়াব আহিছোটকাখিনি কেতিয়াবাই তুলিব লাগিছিল। এবছৰেই পাৰ হ’ল। আজিকালি দেখোন কথাবোৰ পাহৰাও হৈছো”

বাইদেওৱে মোক ‘তুমি’ বুলি মাতাৰ বাবেই নেকি মোৰ সংকোচ ভাব একেবাৰেই মনৰ পৰা আঁতৰি গৈছিল আপোন আপোন, চিনাকি চিনাকি, একেবাৰে ওচৰৰে যেনেই লাগিছিল নালাগিবই বা কিয় ! সেয়া বোধকৰো ১৯৮৭-৮৮ চন মানৰ কথা সঠিক মনত নাই এঘৰত এনেয়েই আলোচনীয়েই নে কিতাপ এখন লিড়িকি বিদাৰি আছিলো হঠাতে গল্প এটাৰ বিশেষ কেইটামান পৃষ্ঠাৰ কেইটামান শাৰীত দৃষ্টি নিৰ্বদ্ধ হ’ল

... ... ... ...
“এইটো তেতিয়াহ’লে পীতাম্বৰ মহাজনৰে সন্তান হ’ব?” ... ... ...
“বৰ ভাল হৈছে ! বৰ ভাল হৈছে – বেচেৰা পিতাম্বৰ ! পিতৃ হবলৈ কেনেকৈ সি হামৰাও কাঢ়ি মৰিছিল !” ... ... ...
“উঃ সেইবোৰ শুদিৰ বামুণ গৰিয়া মুছলমান চব খোলাকাটিৰ তাল। মানুহহে লাগে আমাক কাটিলে তেজ ওলোৱা মানুহ!” ... ... ...

দময়ন্তীৰ অন্তৰাত্মা কঁপি উঠিল। সেইটো পীতাম্বৰ মহাজন! হয় হয়, সেইটো পীতাম্বৰ মহাজন! একান্তমনে মহাজনে গাঁতৰ মাটি আঁতৰাব লাগিছে!
... ... ...
মহাজনে ভয়ঙ্কৰ ৰূপ ধাৰণ কৰিছে। মানসিক ব্যাধিগ্রস্ত ৰোগীৰ দৰে তেঁও মাটি গুচাব লাগিছে।
... ... ...
হুটুৰ! হুটুৰ!! হুটুৰ!!!
হাহাকাৰ কৰি উঠিল দময়ন্তীয়ে।
“মই পুতি থৈছোঁ সঁচা কথা! কিন্তু কি পাবি তাত- মাংসপিণ্ড এটাহে পৰি আছে!”
পীতাম্বৰ মহাজনে মূৰ তুলি চাই ক’লে, “মোৰ সন্তান আছিল- মই মাংসপিণ্ড টুকুৰাকে ছুই চাম। মই মোৰ এই দুখন হাতেৰে মোৰ বংশধৰক চুই চাম”
সেয়া আছিল পীতাম্বৰ মহাজনে আৰু দময়ন্তীৰ কথোপকথন।... ... ...

একেবাৰতেই তাতেই বহি বহি মামণি ৰয়ছম গোস্বামীৰ বিশ নে বাইশ পৃষ্ঠাৰ ‘সংস্কাৰ’ নামৰ গল্পটো পঢ়ি শেষ কৰিছিলো। কি দুর্দান্ত গল্পতেনেকৈয়ে মামণি ৰয়ছম গোস্বামীৰ অমূল্য সৃষ্টিৰ জগত খনত মই প্রথম পৰিচয় লাভ কৰিছিলো। ইয়াৰ বেছ কিছুদিন পিছতেই ‘জজ খেলপথাৰত’ অসম প্রকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা গ্রন্থমেলাত ক্রয় কৰা মোৰ প্রথম গ্রন্থ খনেই আছিল তেঁওৰেই এটা সঙ্কলন ‘সংস্কাৰ, উদয়ভানুৰ চৰিত্র ইত্যাদি’এই গ্রন্থ খনত তেখেতৰ ‘সাপৰ ছালৰ জোতা’ উপন্যাস খনো সন্নিবিষ্ট হৈ আছিল। ইয়াৰ পিছৰ পৰ্যায়ত তেখেতৰ ভালেকেইখন ৰচনা পঢ়িবলৈ সুযোগ পাইছিলো। উঁয়ে খোৱা হাওছা, উদয়ভানুৰ চৰিত্র, মামৰে ধৰা তৰোৱাল, দস্তাবেজ, নীলকণ্ঠী ব্রজ। এইবোৰ হৈছে মামণি ৰয়ছম গোস্বামীৰ মই পঢ়া গ্রন্থ বোৰৰ ভিতৰত। এনেদৰেই মই তেখেতৰ সৃষ্টিৰ জগত খনত সোমাই পৰিছিলো। আৰু মোৰ প্রিয় লিখকৰ এজন হিচাপে মামণি ৰয়ছম গোস্বামীয়ে মোৰ মনত নিগাজীকৈ ঠাই পাইছিল।  

এনে লাগিছিল পেন্টৰ জেপৰ পৰা ‘মোবাইল ফোন’ টো উলিয়াই বাইদেউৰ লগত ‘ফটো’ এখনে উঠিম নেকি। বন্ধুবর্গক দেখুৱাই বাঃ বাঃ ল’ম। অৱেশ্যে সেইফেৰি কাম কৰিবলৈ মনটোৱে ইতস্ততঃ বোধ কৰিলেবাইদেউৱে ‘ৰামায়ন’ৰ ওপৰত নতুন এখন উপন্যাস লিখাৰ কথা কৈছিল। আমি বহুতো কথা পাতিছিলো। কি কি কথা পাতিছিলো ভালকৈ মোৰ একো মনত নাথাকিল। হয়তো থৌকি বাথো মন এটাৰ বাবেই এনে হৈছিল। আচৰিত লাগিছিল যে এনে এগৰাকী লেখিকা কিমান সহজ সৰল হ’ব পাৰে। প্রকৃততে ইয়াৰ আগলৈকে বাইদেউৰ দৰে লেখক লেখিকাৰ লগত কথা পাতিবলৈ অথবা সান্নিধ্য পাবলৈ সাহিত্যৰ বেছ কিছু জ্ঞানৰ আবশ্যক বুলিহে মোৰ এটা ধাৰণা আছিল। কাৰন মই সাহিত্য পঢ়িহে ভাল পাওঁতথাপিও যথেষ্ট কম সংখ্যকহে পঢ়িছো। বিজ্ঞানৰ ছাত্র হিচাপে মোৰ অসমীয়া সাহিত্যই হওঁক কিম্বা অইন ভাষাৰ সাহিত্যই হওঁক, এই বিষয়ত যে মোৰ জ্ঞান সীমিত সেয়া মই নিশ্চিত

সময় চোৱা নাছিলো, তথাপিও প্রায় ২০ মিনিট সময় বাইদেউৰ লগত কটাবলৈ সুযোগ পাইছিলো। সেই সুযোগ আৰু নিশ্চয়কৈ কেতিয়াও নাহে। সেই ২০ মিনিট সময় মোৰ বাবে কিন্তু এক সম্পদ। সুযোগ আহিলে মই অইনৰ আগত বাইদেউৰ লগত কটোৱা সেই মুহুর্ত কেইটাৰ বর্ণনা দি নিজে বৰ গৌৰৱ অনুভব কৰো। সচাকৈয়ে মামণি ৰয়ছম গোস্বামী এক অনন্য, এক ব্যতিক্রমি। সোশৰীৰে তেঁও আমাৰ মাজত নাই যদিও তেঁও সৃষ্টি কৰি থৈ যোৱা ৰচনাবোৰে আমাৰ মন মগজু বোৰ আজিও ভৰাই আছে আৰু নিশ্চয়কৈ যুগ যুগ ধৰি থাকিবও

--দিগন্ত যাদৱ শৰ্মা—
(বিঃদ্রঃ টোকাবহীত এখনত বহু দিন আগতে লিখি থোৱা এইখিনি বিচাৰি লৈ আজি অলপ বহলাই লিখিলো)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)