Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

টিলৌ সংবাদ (কৌতুক)



***টিলৌ সংবাদ (১)***
--ক’কা কোলা আৰু আইতা—

টিলৌ – অ’ পিতৌ, কছোন ক’ ক’কা কোলাৰ (Cocacola) বিপৰীত শব্দ কি ?
পিতৌ – মই নাজানো, তয়ে কছোন কি ।
টিলৌ – আইতা বগা ।
---------------------
***টিলৌ সংবাদ (২)***

পিতৌ – অ’ কনটিলৌ, লুকাই থাক, লুকাই থাক ; তোৰ ‘স্কুলৰ চাৰ’ তহঁতৰ ঘৰৰ পদুলি মুখত । এই  সোমাব আৰু ।
টিলৌ – ক’কা, ক’কা (পিচ চোতালত গৈ চিঞৰি চিঞৰি) লুকুৱা লুকুৱা ।
ক’কা/পিতৌ (দুয়ো একেলগে) – কিয় কিয়, তইহে লুকাৱ লাগে । তইহে স্কুল যোৱা নাই দুদিন ।
টিলৌ – নহয় ক’কা, তুমিহে লুকুৱা কাৰন মইহে তোমাৰ মৃত্যু হৈছে বুলি কৈ স্কুল যোৱা নাছিলো এই দুদিন
---------------------
***টিলৌ সংবাদ (৩)***
--টিলৌৰ প্ৰেম আৰু পাইখানা—

টিলৌ ডাঙৰ হ’ল । কোনোমতে মেট্ৰিক পাছ কৰিলে । দেউতাকে ওচৰৰে চহৰখনৰ কলেজত নাম ভৰ্তি কৰাই দিলে । লৰা ডাঙৰহে হ’ল, স্বভাৱ কিন্তু একেই থাকিল । প্রেমতো পৰিল কিজানি ! দেউতাকক কুটুৰি কুটুৰি মোবাইল নোপোৱাত  ক’কাকৰ জমা থকা পইচাৰ পৰাই ললে । পাইখানা কৰিবলৈ গলেও মোবাইল নিবলৈ নেৰা হ’ল । হোৱাই নোহোৱাই খালি মেছেজ দিয়া দিয়ি ।
এদিন পাইখানাত বহি থাকোতে এটা পেনপেনীয়া প্ৰেমৰ মেছেজ আহিল তাক ভাল পাই থকা ছোৱালীজনীৰ পৰা –
“যদি টোপনি মাৰি আছা তেতিয়াহলে সপোনবোৰ,
যদি কান্দি আছা, চকুপানীবোৰ,
যদি হাহি আছা, হাহিঁবোৰ মোলৈ পঠিয়াই দিবা”
টিলৌএ লগে লগে মোবাইলত টাইপ কৰি মেছেজ পঠিয়ালে-
“পাইখানা কৰি আছো, হে হৰি কি কৰো এতিয়া”
--------------------- 
***টিলৌ সংবাদ (৪)***
--‘ভেকুৱাম ক্লিনাৰ’ আৰু টমেট’ চ’চ—

টিলৌএ কোনোমতে ‘হায়াৰ চেকেন্দাৰী’ টো পাছ কৰি আৰু পঢ়িবলৈ ইচ্ছা নকৰিলে । বয়সো হৈছে, ক্লাছ নাইন-টেনতে কেইবা বছৰ লাগিল । কিবা এটা কৰাৰ আশাত চহৰত থকা পেহাক-পেহীয়েকৰ ঘৰত থাকিবলৈ ললে । পেহাকে ব্যক্তিগত ‘কোম্পানি’ এটাত চাকৰি কৰে কিছুদিন যোৱাত পেহাকে ‘ভেকুৱাম ক্লিনাৰ’ ৰ কোম্পানি এটাত ‘কমিছন’ ভিত্তিত চাকৰি এটা ঠিক কৰি দিলে । কোম্পানিটোৱে টিলৌক ১০ দিনৰ ‘ট্রেইনিং’ এটাও দিলে । প্রথম ৫-৬ দিনমান ঘুৰি এটাও বিক্রি কৰিব নোৱাৰিলে । ৭ দিনৰ দিনা জেদত লাগিল, আজি এটা বিক্রি কৰিহে এৰিব, যিমানে কষ্ট নহওঁক কিয় ?
টিলৌএ ঘুৰি ঘুৰি এঠাইত সুবিধা হব বুলি দৰজাত ‘ন’ক’ কৰিলে । দৰ্জা খোলাৰ পিছত অনুমতিলৈ আপেক্ষা নকৰি একেকোবে ‘ড্ৰইং ৰুম’ পালে ।  ঘৰত অকল গৃহস্থৰ পত্নীগৰাকীহে আছিল তেওঁ বুজিলে যে ‘ভেকুৱাম ক্লিনাৰ’ ৰ ‘সেল্সমেন’এ হ’বগৃহস্থনীয়ে কিবা কোৱাৰ আগতেই টিলৌএ কিবা জন্তুৰ চাল, নোম, জাবৰ এসোপামান মজিয়াৰ কাৰ্পেটৰ ওপৰত ঢালি দিলে । গৃহস্থনিয়ে হাঁহাকাৰ কৰি উঠিল, ছিঃ ছিঃ কি কৰিলে এইবোৰ , কি হ’ব এতিয়া । গৃহস্থও ঠিক সেই সময়তে ঘৰ আহি সোমাল ।
টিলৌ – Don’t worry madam, চাওঁক মোৰ এই new & most powerful ‘ভেকুৱাম ক্লিনাৰ’ টোৱে যদি নেক্সট ১০ ছেকেন্দৰ ভিতৰত এই গোটেইখিনি পৰিষ্কাৰ কৰিব নোৱাৰে, তেন্তে মই এই জন্তুৰ চাল, নোম, জাবৰ সোপা খাই পেলাম । মোক এতিয়া আপোনালোকৰ electricity plug টো দেখুৱাই দিয়ক ।
গৃহস্থ – আপোনাক সেইখিনি খাবৰ বাবে লগত ছিলি চ’চ বা টমেট’ চ’চ কিবা দিম নেকি ?
টিলৌ – কি যে কয় আৰু আপুনি, চাই থাককচোন ।
গৃহস্থনি – য়ে আমাৰ ঘৰত electricity নাই নহয় ।
---------------------
***টিলৌ সংবাদ (৫)***
-- নাকৰ শেঙুন আৰু বিহু—

টিলৌৰ সৰুৰে পৰা বিহু চোৱাত খুব ৰাপ । মইনা পাৰিজাতেই হওঁক, যিকোনো প্রতিযোগিতাই হওঁক একোৱেই এৰি নিদিয়ে লাগে ভোকে লাগক বা কিবা বেমাৰে হওঁকএবাৰ কি হ’ল মানে সৰু কালৰ কথা কৈছো বিহুৰ সময়তে টিলৌৰ পানী ল’গা চৰ্দি লাগিল । নাকৰ পৰা শেঙুনৰ নৈ বৱলৈ নেৰাই হ’ল ।
হ’লে কি হ’ৱ বিহু চাব এৰিব নেকি । বিহুও চাই আছে পিতৌৰ লগত, এফালে নাকৰে শেঙুনৰ নৈও বৈ আছে । শেঙুনখিনি বৈ আহি ঠিক দুই ওঠৰ মাজ পালে ‘বেকগিয়েৰ’ লগাই আকৌ ‘গেৰেজত’ ভৰাই থৈ দিয়ে । অৱশিষ্ট খিনি জিভাখনেৰে চুজি-মাজি মুখতে ভৰাই লয় চিট নাপাই দুয়োটাই থিয় দি আছিল, সৰু ল’ৰাক নো কোনে চিট দিব । কাষতে বহি থকা মহিলা এগৰাকীয়ে দৃশ্যটো সহ্য কৰিব নোৱাৰি টিলৌক সুধিলে “ভাইটি তোমাৰ ৰুমাল আছেনে নাই ?”
হঠাৎ অহা প্রশ্নটো শুনি পকেতত হাত ভৰাই কলে “আছে কিন্তু আপোনাক নিদিওঁ, মাই মোক ৰুমালখন আন মানুহক দিবলৈ মানা কৰিছে ।“
---------------------
***টিলৌ সংবাদ (৬)***
--ঘৰ ভাৰা আৰু ৰামচন্দ্র—

টিলৌয়ে স্কুলত সাধৰণ জ্ঞানৰ পৰীক্ষা্ত বহিছে...
প্রশ্ন (১) :: ৰামচন্দ্রই সীতাক লৈ কিয় ঘৰৰ পৰা ওলাই গৈ অৰণ্যত বাস কৰিছিল ?
উত্তৰ :: বহু দিন নিশ্চয় ঘৰ ভাৰা দিব পৰা নাছিল ।
প্রশ্ন (২) :: সাগৰৰ পানীবোৰ কিয় লুণীয়া হয়
উত্তৰ :: কিয়নো মাছ বোৰৰ ঘাম ওলাই সাগৰৰ পানীতে মিহলি হৈ যায়
---------------------
***টিলৌ সংবাদ (৭)***
--চিত্রকৰ টিলৌ আৰু ঘাহ খোৱা বাঘ—

সৰুৰে পৰা ছবি অকাঁত ৰাপ দেখি দেউতাকে টিলৌক ওচৰৰে ‘আর্ট স্কুল’ খনতে নাম লগাই দিলে । এবছৰ পিছত প্রথম বছৰৰ পৰীক্ষাত বন্য জন্তুৰ ছৱি আকিব দিলে ।
আঁকাৰ পিছত শিক্ষকে টিলৌক প্রশ্ন কৰিলে “কি ছবি আঁকিছা, বাঘে জানো ঘাহ খাই”
সেমেনা সেমেনা কৰি মুৰ খজুৱাই ক’লে “ ঠিকে চাৰ বাঘে ঘাহ নাখাই, কিন্তু আজিকালি মাংসৰ যিহে দাম ঘাহ খোৱাৰ বাহিৰে কি উপায় আছে?”
---------------------
***টিলৌ সংবাদ (৮)***
--মৌমাখি আৰু আলহী—

স্কুলত শিক্ষকে মৌমাখিৰ বিষয়ে পঢ়াই থাকোতে সুধিলে “ তোমালোকৰ কাৰোবাৰ ঘৰত মৌমাখিৰ বাহ আছেনে ?”
টিলৌয়ে ক’লে “চাৰ আমাৰ ঘৰত আছে ।”
শিক্ষক :: টিলৌ, তেনেহ’লে তুমিয়েই কোৱাছোন মৌমাখি পালন কৰিলে কি হয় ।
টিলৌ :: চাৰ ইমান নাজানো, কিন্তু এটা কথা জানো মৌমাখি ঘৰত পুহিলে কামোৰৰ ভয়ত আলহী-অতিথি অহা বাদ দিয়ে ।
---------------------
***টিলৌ সংবাদ (৯)***
--টিলৌ আৰু এটা দুর্ভগীয়া পৰুৱাৰ কাহিনী—

সাধাৰণ জ্ঞানৰ পৰীক্ষাৰ প্রশ্নকাকতঃ
প্রশ্নঃ- এটা পৰুৱাক কেনেকৈ মাৰিবা ? মুঠ ১০ নম্বৰ
(উত্তৰটো এক্কেবাৰে সহজ, কিন্তু ১০নম্বৰ দিছে, অলপ লিখিলেও নহ’ব । কি কৰা যায় । ভাবি-চিন্তি টিলৌৱে লিখিবলৈ আৰম্ভ কৰিলে)
উত্তৰঃ- প্রথমতে চেনীৰ লগত জলকীয়া গুৰি মিহলি কৰি লম আৰু তাৰ পিছত সেইখিনি পৰুৱা্টোৰ গাতৰ মুখত থৈ দিম ।
পৰুৱা্টোৱে সেইখিনি খোৱাৰ পিছত জ্বলা পাই পানী খাবলৈ বিছাৰিব । পানী খোৱাৰ সময়ত পৰুৱা্টোক পানীত পৰাকৈ ঠেলি দিম ।
পানীত তিতি-বুৰি পৰুৱা্টোৱে নিজৰ গা শুকুৱাবৰ বাবে জুইৰ কাষলৈ আহিব । আগতেই তাতে এটা ‘বম্ব’ থৈ দিম । ‘বম্ব’ টো ফুটি পৰুৱা্টো আঘাতপ্রাপ্ত হ’ব ।
তাৰ পিছত পৰুৱা্টোক চিকিৎসালয়ৰ আই.সি.ইউ. ত ভর্তি কৰিম । তাতে ডাক্টৰে তাক ‘অক্সিজেন মাস্ক” লগাই দিব ।
সুবিধা বুজি ‘অক্সিজেন মাস্ক” টো খুলি দিম আৰু তেনেকৈয়ে পৰুৱা্টোক মই মৃত্যুমুখত পেলাম ।

---------------------
***টিলৌ সংবাদ (১০)***
--টিলৌ আৰু দেউতাকৰ তপা মূৰ—

টিলৌৱে কেইদিনানৰ পৰা এটা কথা ভাবি ভাবি উত্তৰ পোৱা নাই । মাকৰে হওঁক বা তাৰ নিজৰে দেখোন ইম্মান চুলি আছে, তাৰ দেউতাকৰহ চুলি কম মানে তপা মূৰ । সেয়ে এদিন মাককে কথাটো সুধিলে ।

মাকে উত্তৰ দিলে “আচলতে তোৰ দেউতাই যে বহুত কথা ভাবি থাকে, কিমান চিন্তা কৰিব লাগে; তোৰ পঢ়া-শুনা, ঘৰৰ সা-সামগ্রী, খেতি-বাতি... ইমানবোৰ একেলগে, সেইকাৰনে বুজিলি মোৰ সোনটো” উত্তৰটো দি মাকে এটা সন্তোষৰ হাহিঁ মাৰিলে ।

অলপ সময় চিন্তা কৰি টিলৌৱে মাকক আকৌ সুধিলে “ তেনেহ’লে তোৰ মূৰত ইমান চুলি কিয় তাকো দীঘল দীঘল, অ’ বুজিছো তই তাৰমানে এক্কো চিন্তা-ভাবনা নকৰ’”
-----------------------------------------------------
দিগন্ত যাদৱ শৰ্মা 

Comments

Post a Comment

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)