Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

আটাইতকৈ ডাঙৰ মিছা কথা (কৌতুক)



**** আটাইতকৈ ডাঙৰ মিছা কথা (Biggest Lie) ***


       আবেলিপৰত বৄদ্ধ মানুহ এজনে ঘূৰি ফুৰি থাকোতে পথৰ মাজত সৰু-সৰু লৰা কেইজনমানে বৰ হুলস্থল কৰি থকা দেখিলে কৌতুহল দমন কৰিবলৈ তেওঁ ৰৈ দিলে আৰু সুধিলেতোমালোকেনো ইমান হুলস্থুল কৰি কি কৰি আছা?”
     তাৰে এজনে উত্তৰত কলেককা, আপুনি দেখিছেনে সেই যে অকণমানি মৰমলগা কুকুৰ পোৱালীটো; আমি এই পথৰ দাঁতিত পালো আমি সকলোৱে তাক পাব বিচাৰো সেইকাৰনে competition এটা পাতিছো যিজনে প্ৰথম হ, সিয়ে মৰমলগা কুকুৰ পোৱালীটো নিজৰ কৰি ঘৰলৈ লৈ যাব পাৰিব” বুঢ়া মানুহ জনে সুধিলেতোমালোকেনো  কিহৰ competition পাতিছা?”
লৰাহতৰ মাজৰ এজনে মাত দিলেযিজনে আটাইতকৈ ডাঙৰ মিছা কথা এটা কব পাৰিব তেৱে winner ।” ককাজনে শুনি কলে “ছিঃছিঃ নাপায় নহয়, মিছা কথা কব’, তোমালো্কৰ দৰে থাকোতে মই কোনো মিছা কথা কেতিয়াও কোৱা নাছিলো !!!”
      আটাইবোৰ লৰা আগবাঢ়ি আহিল আৰু দুখমনে ক’লে “ঠিক আছে তেন্তে, ককা আপুনিয়ে জয়ী হ’ল, আপুনিয়ে কুকুৰ পোৱালীটোৰ গৰাকী হ লৈ যাওঁক এতিয়া।”
-দিগন্ত যাদৱ শৰ্মা

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)