Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

আগৰ দিনবোৰ (অনুভৱ)




আগৰ দিনবোৰ
মোৰ ছোৱালীৰ কিতাপ কিনোতে পুৰণি কথা এটাই মনটো আকুল কৰি পেলালে । আমি আমাৰ সময়ত বাছত উঠি দেউতাৰ লগত স্কুলৰ নতুন কিতাপ কিনিবলৈ পানবজাৰলৈ গৈ দোকানে দোকানে ঘূৰিছিলো, কি যে স্ফুৰ্তিৰ দিন আছিল । খমখমীয়া খাকী কাগজত বগা সূতাৰে বান্ধি দিয়া কিতাপবোৰ লৈ আপোনপাহৰা হৈ গোন্ধ লৈ থাকো । ঘৰত দেউতাই “ছোভিয়েট দেশ” আলোচনীখনৰ কাগজেৰে ধুনীয়াকৈ কিতাপবোৰৰ COVER তৈয়াৰ কৰি দিয়ে ।(আমি চৰকাৰী স্কুলত পঢ়িছিলো)
কিন্তূ আজি
স্কুলৰ নতুন কিতাপ কিনিবলৈ নিৰ্দিষ্ট দোকান থাকে । নিৰ্দিষ্ট সময় আৰু তাৰিখত শাৰী পাতি প্লাষ্টিকৰ বেগত আগতে তৈয়াৰ কৰি থোৱা টোপোলাটো টকা দি লৈ আহিব লাগে ঘৰত COVER ROLL (TRANSPARENT, KHAKEE etc.)ৰে কিনা LABEL লগাই ছোৱালীক কিতপ-বহিবোৰ ঠিক কৰি দিও (অৱেশ্যে ছোৱালী বেচৰকাৰী স্কুলত পঢ়ে)
ত সেই কিতাপ কিনিবলৈ পানবজাৰলৈ গৈ দোকানে দোকানে ঘূৰা দিনবোৰ, বগা সুতাবোৰ, কিতাপ বন্ধা খাকী কাগজ । মোৰ ছোৱালীজনীলৈ সচাকৈ বেয়া লাগে ।
======================================================= 
দিগন্ত যাদৱ শৰ্মা 

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)