Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

২০৬০ ইং চনৰ ভাৰতীয় বাতৰি (কৌতুক)



---***২০৬০ ইং চনৰ কোনোবা এটা দিনৰ ভাৰতীয় বাতৰি কাকতৰ মুখ্য বাতৰি সমূহ হয়তো হ’ব এনেধৰনৰ (সহায় লৈছো)***---
(১)”বিদ্যুত বৰদলৈৰ বতাহৰ পৰা বিদ্যুৎ আহৰণ” -এই গৱেষনাই আজি ৪৮ বছৰত ভৰি দিয়ে। উদ্দেগৰ বিষয়টো হৈছে তেওঁৰ ইতিমধ্যে স্বাস্থ্য ভাগি পৰিছে
(২) ইন্দিয়ান প্রিমিয়াৰ লীগত “লাখ্যাদীপ কেট” ৬৩ তম দল হিচাপে আত্মপ্রকাশ কৰে।
(৩) “গোলমাল পাৰ্ট - ২৭” আজি ভাৰতীয় চিনেমা হল বোৰত ৰিলিজ হয় । চিনেমাখনত দেখা গৈছে আগৰবোৰৰ দৰে তুষাৰ কাপুৰে এতিয়াও কথা কব নোৱাৰে।
(৪) সন্ত্ৰাসবাদী “কাছাব” আজি ৭০ বছৰ বয়সত তিহাৰ জেলত মৃত্যু হয়। মৰোনোত্তৰ পৰীক্ষাত মৃত্যুৰ কাৰন “হাই কলেষ্টেৰল” বুলি কোৱা হৈছে। প্রাথমিক অনুসন্ধানত অত্যাধিক ‘চীকেন বিৰীয়ানি’ খোৱাই ইয়াৰ মূল কাৰন বুলি কোৱা হ।
(৫) মুন্না হাজাৰে আজি আকৌ “লোকপাল বিল”ৰ দাবীত আমৰন অনশনত বহে
(৬) অ়. ৰাজাৰ পুত্ৰক ১৬ জি (16 G) স্কেমৰ অভিযোগত আজি আদালতত হাজিৰ কৰোৱা হয়
========================================================================= 
দিগন্ত যাদৱ শৰ্মা

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)