Featured post

সুন্দৰীৰ আৰাধনাত কৃষ্ণদুলাল

বহুদিনৰ মূৰত অঞ্জনে শিলপুখুৰী অঞ্চলটোত বজাৰ কৰি থকা অৱস্থাত কৃষ্ণদুলালক দেখি মাত লগালে । : কিহে তালুকদাৰ ! আপোনাৰ ছাটোকে দেখোন আজিকালি দেখিবলৈ নোপোৱা হ ' ল । : অ ' আপুনি ! নাইহে অলপ ব্যস্ত হৈ আছোঁ । কৃষ্ণদুলাল তালুকদাৰে তেওঁক এৰাই চলিবলৈ যত্ন কৰিলে । পাচলি বিক্ৰেতা এজনৰ লগত কিবা এটাৰ দৰ - দাম কৰিবলৈ ধৰিলে । অঞ্জন , মানে শিলপুখুৰী উদ্যানৰ পুখুৰীটোৰ পাৰত থকা দোকানখনৰ স্বত্বাধিকাৰীজন । এমাহমান আগলৈকে প্ৰায়ে ছোৱালী এজনীৰ সৈতে ইটো সিটো বস্তু কিনিবলৈ আহিছিল । তাৰ মাজত বেছিভাগ ঠান্ডা পানীয়ৰে বটল আছিল । সন্ধিয়া পৰত দুয়োজনেই ঘামি জামি আহি তাতে তৃষ্ণা নিৱাৰণ কৰিছিল । কৃষ্ণদুলালৰ বিষয়ে বোধকৰো আপোনালোকৰ আগত দুবাৰমান কৈছো । বহুদিন হ ' ল , পাহৰিবও পাৰে । সেয়ে আকৌ কওঁ - কৃষ্ণদুলাল বৰ ভাল ল ' ৰা । অৱশ্যে এতিয়া মানুহ বুলি কোৱাটোহে যুগুত হ ' ব । অইনক বৰ উপকাৰ কৰে । এবাৰ এগৰাকী ভদ্ৰমহিলাক ভৰ্তি ' গেছ চিলিন্ডাৰ ' এটা লৈ ' এল . পি . জি . এজেঞ্চি ' এটাৰ সন্মুখত ' ৰিক্সা ' ৰ বাবে অপেক্ষা কৰি থকা দেখা গ ' ল । একেটা অঞ্চলৰে , অৱশ্যে

এজন জ্ঞাণী মানুহৰ কথাৰে (অনুবাদ)


***এজন জ্ঞাণী মানুহৰ কথাৰে***

এখন দেশৰ কথা । সেই দেশখনৰে এখন গাঁওত এবাৰ খুব ভালকৈ খেতি-বাতি হৈছিলখেতিৰ ফচল সমূহ বিক্রী কৰি মানুহবোৰৰ হাতত যথেষ্ট টকা-পইচা আহিল ।  তেওঁলোকৰ খাই-বৈও যথেষ্ট ধন-বিট হাতত ৰৈ গ’ল । লাহ-বিলাসো বাঢ়িল । পিছৰ বছৰো খেতি-বাতি ভাল হোৱাত অইনৰ হাতত চোৱা-চিতাৰ ভাৰ দি শেষত তেওঁলোকে চহৰলৈ ধাপলি মেলিলে আৰু তাতে ঘৰ-বাৰি কৰি দিন নিয়াবলৈ ধৰিলে । চহৰখনত সা-সুবিধা, ৰং-ৰহইচৰ উপাদানো বিধে-বিধে আছিল । তাত আগৰে পৰা  অৱস্থা টনকীয়াল বহুতো মানুহে বসবাস কৰি আছিল । এই নতুন মানুহখিনিয়ে আগৰ চামটোৰ লগত নিজকে তুলনা কৰিবলৈ ধৰিলে । আগৰ চামে যদিও ৰং-ৰহইচ কৰি আছিল, তথাপিও কিন্তু নিজক বা পৰিয়ালটোক চোৱা-চিতা ঠিকেই কৰিছিল । নতুনকৈ উঠি যোৱা মানুহখিনিয়ে ৰং-ৰহইচৰ মাজতে উন্মাদৰ নিছিনা হৈ পৰিছিল । হ’কে-বিহকে নতুন ধৰণৰ বস্তুবোৰ ঘৰলৈ কিনি আনিছিল । ফলত ঘৰৰ মূল মানুহখিনিয়ে পৰিয়াল আৰু সতি-সন্ততি বোৰক পিঠি দিবলৈ ললে । ভাল শিক্ষাৰ অভাৱ ঘটিল, লৰা-ছোৱালীবোৰো অধঃপতনে গ’ল । প্রকৃ্ততে তেওঁলোকৰ কিহৰ প্রয়োজন তাকে লৈ দ্বিধাগ্ৰস্থ হল । টকা-পইছা থাকিও তেওঁলোকৰ অশান্তিহে বাঢ়িল । নিজৰ মাজতে আলোচনা চলিল, কেনেকৈনো  তেওঁলোকৰ পৰিয়ালৰ শান্তি ঘুৰাই আনিব পাৰিব ।

এৰি থৈ অহা গাঁও খনৰ এজন জ্ঞাণী মানুহে এদিন চহৰলৈ আহি এই মানুহখিনিৰ দুর্দশা প্রত্যক্ষ কৰিলে । তেঁওৰ মনটো খুব বেয়া লাগি ইয়াৰ এটা উপায় উলিয়াবলৈ চিন্তা কৰিলে ।

ইয়াকে ভাবি এদিন তেঁও নতুনকৈ উঠি অহা মানুহখিনিক গোট খুৱালে । সেই মানুহখিনিৰ মাজত এখন মেজ থৈ ঢাকনি থকা এটা ডাঙৰ আইনাৰ পাত্র থলে । কাষত আৰু তিনিটা পাত্র আছিল । প্রথমটোত ডাঙৰ-ডাঙৰ শিল, দ্বিতীয়টোত সৰু-সৰু শিল আৰু একেবাৰে শেষৰটোত আছিল বালি ।

প্রথমতে তেঁও ডাঙৰ শিলেৰে আইনাৰ পাত্রটো পূর্ণ কৰি মানুহখিনিক শুধিলে পাত্রটো পূর্ণ হ’লনে ? সকলোৱে একেমুখে কৈ উঠিল ‘হয় পাত্রটো পূর্ণ হৈছে’

তাৰ পিছত তেঁও পাত্রটোৰ ঢাকনিখন খুলি সৰু শিলবোৰ  ভৰাই জোকাৰি দিয়াত বহুতো সৰু-সৰু শিল ডাঙৰ শিলবোৰৰ ফাকৰে সোমাই পৰিল । ইয়াৰ পিছত তেঁও আকৌ শুধিলে ‘পাত্রটো পূর্ণ হৈ আছেনে ?’ সকলোৱে একমুখে কলে ‘হয় পাত্রটো পূর্ণ হৈ আছে ।‘

এইবাৰ তেঁও পাত্রটোত বালিখিনি ভৰালে । আগৰবাৰৰ দৰে জোকাৰি দিয়াত বহুখিনি বালি পাত্রটোৰ ভিতৰলৈ গৈ ডাঙৰ আৰু সৰু শিলবোৰৰ ফাকেঁ ফাকেঁ সোমাই গ’লএইবাৰো মানুহখিনিক শুধিলে ‘পাত্রটো পূর্ণ হৈ আছেনে ?’ এইবাৰো সকলোৱে একমুখে কলে, হয় ‘পাত্রটো পূর্ণ হৈ আছে

তেতিয়া সেই জ্ঞাণী মানুহজনে কলে, “এই যে দেখিছা পাত্রটো, সেয়া তোমালোকৰ জীৱনটো বুলি ভাবি লোৱা”
“ডাঙৰ-ডাঙৰ শিলবোৰ হৈছে তোমালোকৰ পৰিয়াল, বন্ধুবর্গ, তোমাৰ স্বাস্থ্য, তোমাৰ ল’ৰা-ছোৱালী । তোমাৰ অইন বস্তুবোৰ নোহোৱা হ’লেও বা নাথাকিলেওঁ কিন্তু এইবোৰ থাকিবই আৰু তোমাৰ জীৱনটোও পৰিপূর্ণ হৈয়ে ৰ’ৱ”

“ডাঙৰ শিলৰ ফাকঁত সোমাই থকা সৰু-সৰু শিলবোৰেৰে বুজোৱা হৈছে তোমাৰ উপার্জনৰ আহিলাবোৰ/সংস্থান, তোমাৰ ঘৰটো”
“বালিখিনিক তোমালোকৰ বাকী থকা আন বস্তুবোৰৰ প্রতীকি ৰূপত  বুজোৱা হৈছে”

জ্ঞাণী মানুহজনে আকৌ ক’লে যে “যদি তোমালোকে প্রথমতে বালিখিনিৰে পাত্রটো পূর্ণ কৰিলাহেঁতেন তেন্তে “ডাঙৰ-সৰু শিলবোৰ সোমাবলৈ ঠায়ে নাথাকিলেহেঁতেন; তোমালোকৰ জীৱনটোকো ঠিক তেনেদৰে তুলনা কৰি চোৱাছোন” ।
“তোমালোকে যদি জীৱনটোক সৰু-সৰু বস্তুৰেই ভৰাই পেলোৱা; তেন্তে ডাঙৰ-ডাঙৰ বস্তুবোৰৰ ঠাই কত হ’ব; যিবোৰ হৈছে আমাৰ জীৱনৰ আটাইতকৈ লাগতীয়াল, আমাৰ পৰিয়াল, আমাৰ স্বাস্থ্য, আমাৰ ঘৰখন । তোমালোক আটাইবোৰে এইবোৰত সময় দিয়া, পৰিয়ালৰ লগত থাকা, নিজৰ ল’ৰা-ছোৱালীৰ লগত খেল-ধেমালী কৰা, সিহতঁক ফুৰাবলৈ নিয়া ।
গতিকে প্রথমতে ডাঙৰ ডাঙৰ শিলবোৰৰহে যত্ন লোৱা উচিত । তাৰ পিছতহে বাকীবোৰ ।”

মানুহখিনিয়ে ইমানদিনে কৰি অহা ভুলবোৰ বুজি পালে আৰু  নতুনকৈ  নিজৰ  নিজৰ জীৱনটোক গঢ় দিবলৈ আৰম্ভ কৰিলে ।

(টোকা :: আজিৰ আমাৰ এই সমাজ খনক অপকর্ম, দুষ্কার্য্য, ভোগ বিলাসে ছানি ধৰিছে । আমাৰ কি বস্তুৰ প্রয়োজন আমি নিজেও সঠিককৈ ক’ব নোৱাৰা হৈছো । কেৱল অশান্তিতে ভুগি থাকো । অদৰকাৰী বস্তু/কথা কিছুমানত লাগি আমাৰ বহুমূলীয়া সময়বোৰ নষ্ট কৰো । আনৰ আছে, মোৰ নাই । অমুকে পৰিয়াল লৈ হোটেল-ৰেষ্টুৰেন্টত দুই-তিনিদিনৰ মুৰে মুৰে গৈয়ে থাকে, আমাৰ যোৱা নহয়ে বা যাব নোৱাৰো । বজাৰ-সমাৰটো আছেই, অমুকে তমুক আনিলে, আমাৰ নাই । এই ধৰণৰ কথাবোৰ যেতিয়া মনলৈ আহি আমনি কৰে তেতিয়া কিন্তু ভাবি নাচাও যে এইবোৰৰ প্রয়োজন আমাৰ জীৱনটোত আছেনে নাইতেনেকৈয়ে আমাৰ জীৱনত বহুতো অদৰকাৰী বস্তুৰ পয়োভৰ ঘটে, পৰিয়ালটোকো ভালদৰে চলাব নোৱাৰা হওঁ । ল’ৰা-ছোৱালীক ভালকৈ চোৱা-চিতা কৰিবলৈ সময় নহয় বা সিহতঁৰ নো কিহৰ প্রয়োজন, সিহতঁৰ পঢ়া-শুনানো কেনেকৈ চলিছে ইত্যাদি খবৰবোৰ লবলৈ আমি মানসিক ভাবে প্রস্তুত নহওঁসৰু সৰু কথা বোৰত লাগি প্রয়োজনীয় কথাবোৰক অৱজ্ঞা কৰিবলৈ লওঁশেষত গৈ-থৈ নিজে নিজৰ পৰিয়ালটোক ধ্বংসৰ মুখলৈ ঠেলি দিওঁ

সেই জ্ঞাণী মানুহজনে দিয়া উদাহৰণটো এঠাইত পঢ়িছিলো । ভাল লগাৰ বাবে অলপ সজাই-পৰাই গল্পৰ নিছিনাকৈ লিখি উলিয়ালো আমাৰ আজিৰ সমাজ জীৱনৰ লগত ইয়াৰ  বোধকৰো যথেষ্ট সংগতি আছে
--- দিগন্ত যাদৱ শৰ্মা ২৬/০৫/২০১২)

Comments

Popular posts from this blog

বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা (প্ৰবন্ধ)

টিলৌ সংবাদ (কৌতুক)

ৰক্তৰঞ্জিত :: ৰহস্যৰ অৱসান (ৰহস্য গল্প)