Saturday, May 26, 2018

স্মৃতিৰ পটত বৰাক উপত্যকা আৰু অন্যান্য কিছু কথা


কেইবাবছৰো ধৰি যেতিয়া ঘৰৰ বাহিৰত চাকৰি কৰিবলগীয়া হয়, তেতিয়া জীৱনটোত বহুতো তিতা-মিঠা অভিজ্ঞতাৰ স্মৃতি ৰৈ যায়। পিছত বৰ ভাল লাগে ৰোমন্থন কৰি। কেতিয়াবা কেতিয়াবা এই ঘটনাবোৰেৰে আড্ডাও জমি উঠে। নিজৰ বন্ধু-বান্ধব, ৰা-ছোৱালী বোৰৰ লগতো এই ঘটনাবোৰৰ আনন্দ লভিব পাৰি। এতিয়া মোৰ এনেকুৱা লাগিছে যে সময়ে সময়ে এই জমনি কথাবোৰ লিখি নাৰাখিলোঁ কিয়, কাৰণ বহুতো কথা পাহৰণিৰ গৰ্ভত সোমাই গল। বিশেষকৈ বৰাক উপত্যকাৰ কাছাৰ জিলাত চাকৰি কৰি থকা বছৰ কেইটাৰ কথা কেতিয়াও পাহৰি যাব নোৱাৰিম। ডঙুৱা জীৱনৰ আমেজেই বেলেগ, জনাই জানে। আমিতো জানোৱেই, আজিৰ তাৰিখত ডঙুৱা হৈ থকাবোৰে পিছত আৰু ভালকৈ জানিব। ৰন্ধা-বঢ়াৰে পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰবোৰত কিমান ধৰণৰযে অভিজ্ঞতা আৰু পৰীক্ষা-নিৰীক্ষা! ৰাতি এপৰলৈকে ব্ৰীজনহলে ২৯দেওবাৰৰ দিনটোৰ কথাটো কবই নালাগে! সময়ৰে নাটনি হৈ যায়, এনে ভাৱ হয়- এস, ইমান সোনকালে ৰাতি ১ টা বাজিলেনে”, কাৰণ পিছদিনা আকৌ ৬-৭ বজাত উঠি কৰ্মক্ষেত্ৰলৈ যাবই লাগিব নহয়!
প্রথমে শিলচৰলৈ গৈ কিছুমান অসুবিধাত পৰিছিলোঁ। কলেজত পঢ়ি থাকোঁতে কেইজনমান বঙালী বন্ধুৰ কৃপাত অলপ অচৰপ বঙালী ভাষাটো আয়ত্ত কৰিছিলোঁ। কিন্তু নাজানিছিলোঁ যে কাছাৰ জিলাৰ গাঁও অঞ্চলত যে এই জ্ঞানে খুব বেছি সহায় নকৰিব। প্রথম দিনা শিলচৰত ভৰি থৈ এক বঙালী ভদ্রলোকৰ কৃপাত ৰিক্সা এখনত উঠি গন্তব্যস্থানলৈ ৰাওনা হলোঁ ।  
হাতত নক্সা এখন আছিলেই, ভাবিছিলোঁ অসুবিধা নহব চাগে। আগৰে পৰা তাত থকা বন্ধু দুজনে ভাড়া লৈ থকা ঘৰতে মোৰ অস্থায়ীভাৱে থকাৰ ব্যবস্থা হৈছিল। সেইমতেই ৰিক্সা খনত গৈ আছিলোঁ, সেই ভদ্রলোকজনেই ৰিক্সাৱালাজনক মোক কলৈ লৈ যাব লাগিব বুজাই দিছিল, গতিকে মোৰ একো কব লগা হোৱা নাছিল। কিন্তু লাগিল নহয় গণ্ডগোলটো, হঠাতে ৰিক্সাৱালাই সুধি দিলে নহয়-
:“বাবু, কৈ নামাই দিমু, তিমাথাত না চৌমাথাত? তিমাথাটো পাইয়া গেছি
মই বোলোঁ সর্বনাশ, এইজনে আকৌ কিবা দেখোন মাথাৰ কথাহে কয়! আকৌ তাৰ প্রশ্ন-
:“বাবু কয়া দিননা, আমি সেইখানেই নামায়া দিমু
মই মনতে ভাবিলোঁ হব দে, ইয়াতে নামি খোজকাঢ়ি যোৱাই ভাল। নক্সা মতে ৰাস্তাটোও মিলি যোৱাত সাহসো পালোঁ। টকা দুটা দি নামি গলোঁ। সেইদিনত আকৌ ‘মোবাইল ফোন’ নামধাৰী যন্ত্রবিধো নাছিল। নক্সাখনত ঘৰৰ মালিকৰ দূৰভাষ নম্বৰ এটা হলে আছিল। পি চি অএটা দেখি ফোন কৰিলোঁ। ৰাতিপুৱা ৭ বাজিছিল, বন্ধু ঘৰতে আছিল আৰু মোক আহি লৈ গল।
১১-১২ মান বজাত শিলচৰৰ ‘হস্পিতাল ৰোড’ত থকা জিলা অফিচত যাবতীয় কামখিনি কৰি আহিলোঁ। গধূলি বন্ধু দুজনৰ লগত বজাৰলৈ ওলাই গলোঁ। আটাইকেইজনে কিবা-কিবি লবলৈ গেলামাল মানে ভূচিমালৰ দোকান এখনত সোমালোঁ। বন্ধু দুইজনে ইতিমধ্যে স্থানীয় ভাষাত কথা কোৱাত পার্গত হৈ উঠিছিল। মই সিহতে কেনেকৈনো ভাৱৰ আদান-প্রদান তাকে বুজ লবলৈ চেষ্টা চলাই আছিলোঁ। চাউল লাগিব বুলি কোৱাত দোকানীয়ে সুধিলে, “বাবু কই কাথি দিতাম কিলোগ্রাম, কুইন্টলৰ কথাহে শুনি আছিলোঁ, পিছত বুজিলোঁ কাথি মানে দুই কিলোগ্রাম। কণীও কিনিলোঁ এক হালি (চাৰিটা)। এটা বস্তু দেখি বৰ ভাল লাগিল, যিকোনো বস্তু মানে যিবোৰ বান্ধি দিবলগীয়া হয় সেইবোৰ কাগজৰ ঠোঙাত সূতা বা ৰচীৰে বান্ধি দিয়ে। ভাল নিয়ম, পলীথিনৰ ঠোঙা বৰ বেছি ব্যৱহাৰ নকৰে। অকবলৈ পাহৰিছোঁৱেই, মাছৰ বজাৰতো সোমাইছিলোঁ। সৰু মাছ কিনিলোঁ এক ভাগাবেপাৰীয়ে এখন বহল পলীথিনত মাছবোৰ বিশেষকৈ সৰু মাছবোৰ একেলগ কৰি থয় কেইবাটাও ভাগত। পলীথিনৰ সলনি কচুপাতো ব্যৱহাৰ হোৱা দেখিছোঁ। আপোনাক যিমানটা ভাগালাগে দৰদাম কৰি ললেই হল। পিছদিনা ৩০ কিলোমিটাৰ দূৰত্বৰ মোৰ নতুন কৰ্মক্ষেত্ৰখনলৈ যাত্রা কৰিলোঁ। অফিচত আন আন সহকর্মীসকলৰ লগত পৰিচয় পৰ্ব ঘটিল ৯ মান বাজিছিল বোধকৰোঁ, লুঙি পিন্ধা মানুহ এজন সোমাই আহিল। স্টাফ ৰুমতসোমাই কিবা কথা পাতিলে। তাৰ পিছত মোৰ কোঠাত সোমাই আহি কলে-
:“নতুন নি বা আপনি, ভালা হইছি
বুজি পালোঁ মোক দেখি তেওঁ ভাল পাইছে, তাতে কেইবাবছৰ ধৰি মোৰ ঠাইত হেনো কোনো নাছিল। আগৰ জন বদলি হৈ যোৱা ৫ বছৰমানেই হৈছিল। কিন্তু এইবাৰহে গণ্ডগোলটো লাগিল। তেওঁৰ সমস্যাটো মোক বর্ণনা কৰিবলৈ ধৰিলে-
:“চাৰ, আমাৰ নানিআমাৰ নানিবয়াৰ একটাৰ দাস্তহইয়া ৰাখ হইয়া গৈছি, কিটা কৰতে লাগবো এখন, লিখিয়া দেন?” মোৰ ইফালে হাহাঁকাৰ অৱস্থা, কি কৰোঁ কি নকৰোঁ একোতো বুজি পোৱা নায়েই।
ইফালে ইজনৰ কথাখিনি বুজিবলৈ চেষ্টা কৰি থাকোঁতে আন এজন সোমাই আহিল নহয়। সহকৰ্মী এজনৰ লগত কথা পাতি চিধাচিধি মোৰ কোঠাত। হাঁহি একোমোৰা মুখত লৈ প্রণাম এটা জনালে। পিছ মূহুৰ্ততে বাক্যবান নিক্ষেপ-
 :“আপনি আচামী না?”
মোৰ অৱস্থা ফাট মেলা বসুমতী পাতালে লুকাওঁ। কি কৰোঁ এতিয়া মই, মোক দেখোন আচামী সজালে। কি বা কেচআছিল মোৰ, মনত নপৰে দেখোন। হওঁতে মই তেনেকুৱা প্রকৃতিৰ নহয়েই, কাৰো গাত হাত-তাতো দি পোৱা নাই। মোৰে কপাল চাকৰি কৰিবলৈ আহি এতিয়া যি দেখিছোঁ মিছা কেচত ফচি থানাতহে যাব লাগিব! ভৱিষ্যতৰ কথা ভাবি মূৰ গৰম হৈ গল। যি উৎসাহত ইয়ালৈ চাকৰি কৰিবলৈ আহিছিলোঁ তাত দেখোন চেচাঁপানী পৰিল। তথাপি প্রথমতে মানুহজনে দিয়া প্রণামটোৰ কথা ভাবি সাহস গোটাই কলোঁ-
:“মই কোনো আচামী নহয়, চাকৰি কৰিবলৈহে আহিছো আপোনালোকৰ মাজত। কালিহে গুৱাহাটিৰ পৰা আহি পাইছোঁ। ঘৰৰ ডাঙৰ লৰা, কাকো কেতিয়াও কোনো অন্যায় কৰি পোৱা নাই।
 যিমান পাৰোঁ নিজকে ভাল বুলি বুজাবলৈ চেষ্টা কৰিলোঁ। উদ্ধাৰৰ বাবে তেতিয়াও কোনো এজন সহকর্মী নহাত চিঞৰিলোঁ-
:‘অনিলঅনিল…’
আহিল, তিনিজনেই মোৰ কোঠালৈ সোমাই আহিল। তেওঁলোকেও কিবা এটা বুজিলে, মুখ টিপি হাঁহিলেও অলপ। খং এটা উঠিছিল যদিও আচামী হোৱাৰ পৰা পৰিত্রাণ পাবলৈ তেওঁলোকৰ মুখলৈ আশাৰে বাট চাই ৰলোঁ। সহকর্মীয়ে বুজালে-
:‘নহয় চাৰ তেখেতে আপুনি অসমীয়া নেকিহে সুধিছে, ইয়াতে বহুতে অসমীয়া মানুহক আচামী বুলিয়ে কয়। আচামী মানে চাৰ কোনো গোচৰ থকা মানুহৰ কথা বুজোৱা নাই
বুজিলোঁ আৰু সন্তুষ্টিৰ হাঁহি এটা মাৰিলোঁ। এনেকুৱা লাগিল কোনোবাই যেন ইমান সময় বুকুৰ ওপৰত থকা এক কুইন্টল সমান ওজনৰ শিল এটাহে উঠাই লৈ গল।
তেওঁৰো হেনো কাকনি একটাৰ পোকা লাগছে, পোকা ফেলাইতে নিয়া আইছি, চেলেটা একটু পৰে দামাও একটা আনবো, চকু চাদা পৰছেহওঁতে মই এনেকুৱা ধৰণৰে শুনিলোঁ।
আগৰ বয়াৰৰ সমস্যাই আতৰ হোৱা নাই, এতিয়া আকৌ কাকনিৰ লগত দামাও আহি আছে বোলে। মূৰটোৱে দেখোন একো কামেই নকৰা হল। সকলোঁতকৈ জ্যেষ্ঠ চৌধুৰী বোলাজনক কলোঁ-
:“চৌধুৰী কেইদিনমান আপুনি চকী এখন লৈ মোৰ কাষত বহি থাকিব
প্রথম দিনাৰ সমস্যা বোৰ চৌধুৰীৰ সহায়ত অতি সহজে সমাধান কৰিলোঁ।
প্রথমে অহা জনৰ মতা ম
হ এটাৰ পেটচলা ৰোগ হৈ শুকাই ক্ষীণাই গৈছিল, পশু-চিকিৎসালয়খনতে থকা ঔষধ এটা আৰু অইন এটা ব্যৱস্থা পত্রত লিখি বিদায় দিলোঁ।
মোক আচামীসজোৱা দ্বিতীয় জনৰ মাইকী মহ এজনীৰ ভৰিত ঘা লাগি পোক হৈছিল, চাফ-চিকূণ কৰি মলম আদি লগাই পঠাই দিলোঁ । মই থকালৈকে চকুত চাদা ৰোগ লৈ দামাটো আহি নোপোৱাত চৌধুৰীক সোধাত কলে যে দামুৰি পোৱালী এটাৰ চকু বগা হৈছে। কি কৰিব লাগিব চৌধুৰীক বুজাই দি সিদিনাৰ বাবে বিদায় ললোঁ।
:“হালাৰ হালা বেলো বাজেনা” -এনেয়ে দিন বেয়া তাতে আকৌ পিছপিনৰ পৰা কোনোবা এজনে ককৰ্ষ মাতেৰে ইমান জোৰে ধমকি এটা দিছে যে মোৰ মূছকঁছ যোৱাৰ উপক্ৰম হল। ইফালে লগতো কোনো নাই। ঘূৰি চাই দেখোঁ মানুহ এজনে বাইচাইকেলএখন চলাই লৈ আহিছে। কেঁচা মাটিৰ সৰু পথ, একো শব্দও পোৱা নাই। মই বোধকৰোঁ পথ এৰি নিদিয়াত ধমকি দিছে, কিন্তু মোৰ ফালে চাই কৈহে গল-
:“ভাই খাৰাপ পাবেনা
পিছতহে গম পালোঁ মানুহজনে প্ৰকৃততে বাইচাইকেলৰ বেল টোকহে গালি পাৰিছিল। মোক আগত দেখি বেলটো বজাব খোজোঁতে নাবাজিল, ইফালে ব্রেকও নাছিল ।
পিছলৈ সকলোবোৰ কথা বুজি পোৱা হলোঁ, লগতে স্থানীয় ভাষাটো কবলৈও শিকিলোঁ। মই কাম কৰা গাঁও কেইখনৰ মানুহখিনিৰ লগত একেবাৰে মিলি গৈ তেওঁলোকৰ মাজৰে এজন হৈ পৰিলোঁ।

বৰাক নদী অসমৰ দক্ষিণ অঞ্চলৰ মাজেৰে বৈ গৈছে বৰাক নদীৰ নামেৰে নামাকৰণ কৰা হৈছে বৰাক উপত্যকাক অসমৰ তিনিখন জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ সমষ্টিয়ে হৈছে বৰাক উপত্যকা ইয়াৰ চৰকাৰী ভাষা বঙালী এসময়ত ইন্দিৰা গান্ধীয়ে শিলচৰক শান্তিৰ দ্বীপ হিচাপে অভিহিত কৰিছিল -আজিৰ পৰা প্ৰায় ২৩ বছৰ আগতে মই যেতিয়া প্ৰথম বৰাক উপত্যকাত প্ৰবেশ কৰিছিলো তেতিয়া মোৰ হাতত মাত্ৰ উপৰোক্ত তথ্যখিনিয়ে আছিল পিছলৈ লাহে লাহে ইয়াৰে স্থানীয় লোকসকলৰ লগত মিলি পৰাত এই উপত্যকা সম্বন্ধে ভালেখিনি কথা জানিছিলোঁ সময়ত কথাবোৰ কতো লিপিবব্ধ নকৰাত পাহৰণিৰ গৰ্ভত সোমাই পৰিল
গৰিষ্ঠসংখ্যক বঙালী লোকেৰে যদিওঁ পৰিবেষ্টিত, বৰাক উপত্যকা প্ৰকৃততে বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি তিনিওখন জিলাতে বিভিন্ন জাতিৰ লোকে মিলাপ্ৰীতিৰে বাস কৰি আছে এই সকলৰ ভিতৰত আছে ডিমাচা, চাহ-জনজাতি, মাৰ, মেইটেই (মণিপুৰী), বিষ্ণুপ্ৰিয়া, কিছুসংখ্যক অসমীয়া আৰু অল্পসংখ্যক নাগা (ৰংমাই) প্ৰায় সকলোৱেই চিলেটী ভাষাতে ভাবৰ আদান-প্ৰদান কৰে প্রায় দেৰ দশক আগতে এৰি অহা গাঁও কেইখনৰ কেইজনমানৰ লগত এতিয়াও মধুৰ সম্পর্ক বৰ্তি আছে আৰু থাকিবও। তেওলোকৰ লগত কটোৱা দিনবোৰ, সময়বোৰৰ কথাও মাজে মাজে মনলৈ আহে।
:“আপুনি বোধকৰো বৰাক উপত্যকা সম্বন্ধে বিশেষ নাজানে নহয় জানো?” -বয়োজেষ্ঠ প্ৰয়াত সুদৰ্শন বৰ্মনে চিলেটি অসমীয়া সানমিহলি কৰি মোক প্ৰশ্ন কৰিছিল তেওঁ ডিমাচা সম্প্ৰদায়ৰ লোক
:“হয়, কাকু (খুৰা) মোক আপুনি বুলি সম্বোধন কৰা বাবে মই লাজ পাইছোঁ মই আপোনাৰ ল’ৰাৰ বয়সৰ মোক তুমি বুলি মাতিব” -মই হাতযোৰ কৰি কৈছিলো
:“শুনা, তুমি জানানে? আমাৰ বোপা-ককা অৰ্থাৎ উপৰিপুৰুষসকলে অতিজত ধনশিৰী আৰু ডিমাপুৰত ৰাজত্ব কৰিছিল ডিমাপুৰত আমাৰ ৰাজধানীও আছিল আহোম সৈন্যৰ লগত যুঁজ কৰিহে আমি এইখিনি পালোঁহি! আহোম ৰজাৰ সৈতে যুঁজৰ ফলত আমাৰ পূৰ্বপুৰুষে ডিমাপুৰ এৰি আহি মাইবঙত ৰাজধানী পাতিছিল” -খুৰাই কলহৰ পৰা কাহঁৰ বাটিত আৰু এবাটি ঢালি ল'লে
:“আপোনালোকে এই পানীয়বিধৰ নামটো কি বুলি কয়?”
:“জু-ডিমা আমি ইয়াক বৰা চাউলৰ পৰা ঘৰতে প্ৰস্তুত কৰি লওঁএই গৰমত খাবলৈও ভাল, পেটো পৰিষ্কাৰ কৰে ' কি কৈ আছিলো?”
:“বৰাক উপত্যকা আৰু ডিমাচাসকলৰ মানে আপোনালোকৰ ইতিহাস
:“আজিলৈ থাকক দিয়া গৰুকেইটাকো দানা দিবলৈ সময় হ' তুমি এওঁলোকৰ লগতে কিছু সময় বহা তপন, এখেতক ধূতি এখন দিবি কাপোৰ সলাবলৈ মুখ-হাত ধুই ভাত খাবলৈ সুবিধা পাব
-বৰপুত্ৰ তপনক নিৰ্দেশ দি তেওঁ গাইগৰুকেইজনীৰ তদাৰক কৰিবলৈ গ' পুত্ৰক কথাখিনি কওঁতে তেওঁ ডিমাচা ভাষাতে ক'লে যদিওঁ মই অনুমানতে বুজিছিলো মোৰ পশুচিকিৎসালয়ৰ পৰা দুশ মিটাৰমান আতঁৰৰ বর্তমান প্ৰয়াত সুদৰ্শন বৰ্মনৰ নিজা ঘৰত আমি ধুনীয়াকৈ সাৰি-মছি থোৱা মজিয়াখনত পিৰা পাৰি বহিছিলো দুজনমান আন লোকো আছিল মোক চিনাকি কৰি দিছিল মে’ মাহৰ গৰমতো খোলা ৰখা দুৱাৰ-খিৰিকিবোৰেৰে সোমাই অহা মলয়া বতাহজাকে দেহমন সতেজ কৰি তুলিছিল
শিলচৰৰ পৰা ৩০ কি:মি: আতঁৰত ধৰ্মিখাল, গ্ৰাম্য অঞ্চল ওচৰে-পাজৰে ৬০ শতাংশ ডিমাচালোকৰ বাসস্থান আশেপাশে যথেষ্ট বঙালীলোক বসবাস কৰে অদূৰত ৰুকনী চাহবাগান আৰু চাহ-জনজাতি লোকৰ বসতিস্থল ৰুকনী নদীখন পাৰ হ’লেই মেইটেই (মণিপুৰী) সকলৰ বনতাৰাপুৰ নামৰ কাছাৰ জিলাৰ সুবৃহৎ গাওঁখন কেইবাটাও বছৰ পাৰ কৰা মোৰ পশুচিকিৎসালয়খন আছিল এই ধৰ্মিখাল নামৰ গাওঁখনতে সহকৰ্মীসকলৰ লগত চিনাকি হৈ ঠাইখনৰ বিষয়েও বুজ লৈছিলোঁ তেওঁলোকৰ মুখতে শুনিছিলো আমি কাৰ্য্যনিবাহ কৰা সেই প্ৰতিষ্ঠানটোৰ ভূমিৰ দাতা আছিল প্ৰয়াত সুদৰ্শন বৰ্মণ তেওঁ বৰ গুণী জ্ঞানী ব্যক্তি আছিল এই কথা শুনি মই তেওঁক লগ কৰাৰ কথা ভাবিছিলো সাত-আঠদিন পিছত তেওঁৰেই পুত্ৰৰ লগত চিনাকি হোৱাত মোক একেবাৰে ভাত এসাঁজৰ নিমন্ত্ৰণ দি ঘৰলৈ লৈ গৈছিল ভাল লাগিছিল কথা পাতি
 ধৰ্মিখাল পালংঘাট খন্ড উন্নয়নৰ অন্তৰ্গত বিধানসভা ক্ষেত্ৰখন হৈছে ধলাই ইয়াৰ পৰা এছিয়া মহাদেশৰে প্ৰখ্যাত গেৰিলা যুদ্ধৰ প্ৰশিক্ষণৰ শিক্ষানুষ্ঠানখন বৰ বেছি দূৰ নহয় ভাৰতীয় সৈন্য বাহিনীয়ে প্ৰশিক্ষণ দিয়া এই প্ৰতিষ্ঠানটো হৈছে মিজোৰামৰ 'ৱাইৰেন্টি' কাছাৰ মিজোৰাম সীমান্তত অৱস্থিত বিদেশী বন্ধুৰাষ্ট্ৰৰ কিছুলোককো ইয়াত প্ৰশিক্ষণ দিয়া দেখিছিলো যদিও 'ইনাৰ লাইন পাৰমিট'ৰ আৱশ্যক তথাপিও মিজোৰাম সীমান্তলৈ বাছেৰে গৈ তাৰ পৰা মিজোৰামৰ অট'ৰিক্সাৰে গৈছিলো ৱাইৰেন্টিৰ মনমোহা প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলৈ অৱশ্যে ৱাইৰেন্টিত যোৱাৰ অইন এটা উদ্দেশ্যও আছিল তাত থকা ভাৰতীয় সৈন্য বাহিনীৰ 'কেন্টিন'খন কৰমুক্ত হোৱাৰ বাবে 'কেন্টিন'খনত যথেষ্ট কম মূল্যতে আমি বহুকেইপদ লাগতীয়াল সামগ্ৰী ক্ৰয় কৰিবলৈ সুবিধা পাইছিলো
       নিজকে ঘাইকৈ কৃষিকৰ্মত নিয়োজিত কৰা ডিমাচাসকল হৈছে অসমৰ এটা প্ৰাচীন জনগোষ্ঠী তেওঁলোক কছাৰীসকলৰে এটা নৃগোষ্ঠীয় গোষ্ঠী তেওঁলোকৰ ৰাজত্ব কমতা ৰাজ্য, চুটিয়া ৰাজ্যৰ সমসাময়িক আছিল ইংৰাজসকলৰ আগমনৰ সময়তো ডিমাচা কছাৰী ৰাজ্যৰ কিছু অৱশিষ্ট আছিল আজিৰ ডিমা-হাছাও জিলা আৰু বৰাক উপত্যকাৰ কাছাৰ জিলাত অতিজতে ডিমাচাসকল প্ৰাচীন কামৰূপ ৰাজ্যত বাস কৰিছিল ৰাজনৈতিক খামখেয়ালী আৰু বিশৃংঙ্খলতাত ডিমাচা কছাৰীসকলে আজিৰ ডিমাপুৰ (নাগালেন্ড) পাইছিলগৈ বুৰঞ্জীৰ মতে আনুমানিক তেৰশ শতিকাত বৰ্তমান নাগালেন্ড ৰাজ্যৰ অধীন ডিমাপুৰত তেওঁলোকৰ ৰাজধানী পাতিছিল তাৰো আগতে গোলাঘাট জিলাৰ কাছমাৰীত প্ৰথম ৰাজধানী স্থাপন কৰিছিল তেওঁলোকৰ ৰাজ্যৰ নাম আছিল হিড়িম্বা ৰাজ্য আহোমসকলৰ আগমনৰ আগতে ডিমাচা ৰাজ্য দিখৌ নদীৰ পৰা কলঙলৈ বিস্তৃত হৈ আছিল তেওঁলোকৰ ৰাজতন্ত্ৰত ধনশিৰীৰ ভৈয়াম অঞ্চল আৰু আজিৰ আমাৰ ডিমা-হাছাও জিলাৰ অঞ্চলসমূহ অন্তৰ্ভুক্ত হৈ আছিল লাহে লাহে আহোমসকলে চুটিয়া আৰু ডিমাচা ৰাজতন্ত্ৰতো খোপনি পুতিবলৈ আৰম্ভ কৰিছিল ডিমাচাসকলৰ সৈতে আহোমসকলৰ প্ৰথম যুদ্ধখন হৈছিল ১৪৯০ খৃষ্টাব্দত যুদ্ধত পৰাজিত হৈ ডিমাচা কছাৰী নৃপতিলৈ আহোম ৰাজকুঁৱৰী যাচিছিল সেই শান্তিচুক্তিৰ সুবাদতে ডিমাচাসকলে ধনশিৰীৰ আগলৈকো তেওঁলোকৰ ৰাজ্য বিস্তৃত কৰিছিল কিন্তু ইতিমধ্যে আহোমসকল আৰু শক্তিশালী হৈ ডিমাচাসকলক পশ্চিমলৈকে ঠেলি পঠালে ডিমাচাসকলে ১৫২৬ খৃষ্টাব্দত আহোমসকলক আকৌ পৰাস্ত কৰে কিন্তু সেই একে বছৰতে দ্বিতীয়খন যুদ্ধত ডিমাচাসকলে পৰজয় বৰণ কৰে ১৫৩১ খৃষ্টাব্দত আহোমসকলে ডিমাচাসকলৰ ৰাজধানী ডিমাপুৰ অভিমুখে আগবাঢ়ে পঢ়িবলৈ পোৱা যায় যুদ্ধক্ষেত্ৰত আহোমসকলে বৃহৎ গৰুৰ জাকৰ আঁৰ লৈ ডিমাচা সৈন্যৰ লগত ধনুকাড়েৰে যুঁজ দিছিল ডিমাচাসকল হিন্দু হোৱাৰ বাবে প্ৰতিযুঁজত গৰুৰ কোনো বিঘিনি ঘটি ধৰ্মভ্ৰষ্ট হোৱাৰ আশঙ্কাত যুদ্ধক্ষেত্ৰ পৰিত্যাগ কৰিছিল তেনেকৈ আকৌ এবাৰ যেতিয়া ১৫৩৬ খৃষ্টাব্দত ডিমাপুৰ আক্ৰমণ কৰে তেতিয়া ডিমাচাসকলে ডিমাপুৰ এৰি মাইবঙত নতুন ৰাজধানী স্থাপন কৰে লাহে লাহে সোতৰ শতিকাৰ ফালে তেওঁলোকে কাছাড় জিলাৰ সমতল ভূমিলৈও ৰাজ্য বিস্তৃত কৰে অৱশ্যে কাছাড়ৰ সমতল ভূমিৰ ডিমাচালোক সকলে ডিমাচা ৰজাৰ ৰাজসভা অথবা দৰবাৰত প্ৰত্যক্ষভাবে অংশগ্ৰহণ কৰা নাছিল
কাছাড় জিলাৰ খাচপুৰ আছিল সেই সময়ত ত্ৰিপুৰা ৰাজতন্ত্ৰৰ অন্তৰ্গত ষোল্লশ শতিকাত চিলাৰায়ে এই খাচপুৰ হস্তগত কৰিছিল বীৰ চিলাৰায়ৰ ভাতৃ কমলনাৰায়নে এই অঞ্চল শাসন কৰিছিল লাহে লাহে কোঁচশাসকসকল অস্তমিত হৈ পৰাত খাচপুৰ স্বাধীন হৈ পৰিল আৰু ইয়াৰ শাসনভাৰ ডিমাচা কছাৰী ৰাজতন্ত্ৰৰ হাতত আহি পৰিল খাচপুৰখন তেওঁলোকৰ লগত চামিল হৈ পৰাৰ পিছতেই  ডিমাচাসকলে ৰাজধানী খাচপুৰলৈ তুলি আনিলে এক তথ্যমতে আহোম ৰজা ৰুদ্ৰসিংহই কছাৰী ৰজা তাম্ৰধ্বজক পৰাস্ত কৰাৰ পিছত খাচপুৰলৈ পলাই আহি ৰাজধানী পাতিছিল সেয়াই হৈছে আজিৰ কাছাৰ জিলাৰ সদৰ শিলচৰৰ গাতে লাগি থকা খাচপুৰ তেওঁলোকৰ স্থাপত্যৰ অল্পসংখ্যক চানেকি আজিও বিদ্যমান হৈ আছে এই অঞ্চলত প্ৰকৃততে কাছাৰ ১৮৩২ খৃষ্টাব্দলৈ ডিমাচা ৰাজতন্ত্ৰৰ অধীন আছিল ১৯ শতিকাৰ প্ৰথম ভাগত মণিপুৰৰ পৰা স্থানচ্যুত হোৱা তিনিজন ৰাজপুত্ৰই কাছাড়খন অধিকাৰ কৰি ইয়াক শাসনৰ সুবিধাৰ বাবে তিনিভাগত বিভক্ত কৰে সোনাই নামৰ ঠাইখনৰ পৰাই চৌৰজিত সিংহই কাছাৰ জিলাৰ পূবপ্ৰান্তলৈকে শাসনভাৰ লৈছিল অইন এজন ভাতৃ গম্ভীৰ সিংহই পশ্চিমলৈকে শাসনভাৰ লাভ কৰিছিল গুমৰাহৰ পৰাই তেওঁ শাসনবিধি নিয়ন্ত্ৰণ কৰিছিল জাপিৰবন্দৰ পৰাই তৃতীয়জন ৰাজপুত্ৰ মৰিজিত সিংহই হাইলাকান্দি শাসন কৰিছিল বৃটিশসকলৰ আগমনৰ লগে লগে এই অঞ্চলসমূহ বৃটিছ ৰাজত্বৰ অন্তৰ্ভুক্ত হৈ পৰিছিল থোৰতে এয়ে হৈছে আজিৰ বৰাক উপত্যকাৰ বুৰঞ্জী
 


 
       খাচপুৰলৈ যোৱাৰ আগতে মই আশা কৰি আছিলো শিৱসাগৰ আৰু ইয়াৰ আশেপাশে থকা  আহোম ৰাজত্বৰ নিদৰ্শন স্বৰূপ বিভিন্ন কীৰ্তিচিহ্নবোৰৰ দৰেই ডিমাচাসকলৰো দেখিবলৈ পাম কিয়নো জানিবলৈ পাইছিলো খাচপুৰত প্ৰাসাদ, কাৰেং, ৰাজবাৰী, মন্দিৰসমূহ কছাৰী ৰজা সুৰদৰ্প নাৰায়নৰ দিনতে নিৰ্মাণ কৰা হৈছিল শিলচৰৰ পৰা প্ৰায় ২২ কি:মি: দুৰৈত অৱস্থিত খাচপুৰত ৰাতিপুৱা ১০ মান বজাত উপস্থিত হৈ মোৰ মন সেমেকি গৈছিল তেনেই নগন্যসংখ্যক কীৰ্তিচিহ্ন আৰু ইয়াৰ তদাৰক দেখি আচৰিত হৈছিলো বয়োজ্যেষ্ঠসকলৰ মুখত শুনিছিলো উপযুক্ত ৰক্ষণাবেক্ষণৰ অভাবৰ বাবে কীৰ্তিচিহ্নবোৰ জহি-খহি গৈছে
১৯৪৭ চনত চিলেটত হোৱা গণভোটে চিলেট জিলাখন দুভাগ হৈ পৰে ইয়াৰে পূব অংশ কৰিমগঞ্জ ভাৰতৰ লগতে ৰৈ গৈছিল আৰু বাকী অংশ বাংলাদেশৰ লগত চামিল হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসহযোগৰ সময়ত এই উপত্যকাৰ কেইবাজনো লোক চামিল হৈছিল কামিনী কুমাৰ চন্দ, অৰুন কুমাৰ চন্দ, আব্দুল মটলিব মজুমদাৰ তেনে কেইজনমান গৰীয়সী ব্যক্তি আছিল আব্দুল মটলিব মজুমদাৰে ফকৰুদ্দিন আলি আহমেদৰ লগলাগি সুকীয়াকৈ পাকিস্থান গঠনৰ বিৰোধিতা কৰিছিল
গুৱাহাটীৰ পৰা শিলচৰলৈ দূৰত্ব ৩৪৩ কি:মি: জনসংখ্যা  আৰু পৌৰ প্ৰশাসনিক এলেকা ফালৰ পৰা অসমৰ গুৱাহাটীৰ পিছতেই দ্বিতীয় বৃহত্তম চহৰ ইয়াৰ মুঠ মাটিকালি হৈছে ১৫.৭৫ বৰ্গ কি:মি: শিলচৰৰ পিছতেই দ্বিতীয়খন প্ৰধান চহৰ হৈছে কৰিমগঞ্জ বৃটিছসকলে ১৫৭ খন চাহবাগিছা এই উপত্যকাত স্থাপন কৰি থৈ গৈছিল বৃটিছসকলৰ শাসনকালত বৰাক নদীৰ পাৰত বিভিন্ন ব্যবসায়িক কাৰ্য্যকলাপ চলিছিল এঠাইত নদীৰ পাৰসমূহ সৰু-বৰ শিলেৰে আবৃত্ত হৈ থকা বাবে জাহাজ, নাওঁ আদি বান্ধিবলৈ সুবিধা হৈছিল আৰু এইদৰে শিলৰ ওপৰতে হাট-বজাৰ আৰম্ভ হৈছিল সেইবাবে মানুহবোৰে কবলৈ লৈছিল 'শিলেৰ চৰ' কালক্ৰমত এইনামেই গৈ শিলচৰৰ ৰূপ পাইছিল আৰু বৃটিছসকলেও তেওঁলোকৰ চৰকাৰী নথিপত্ৰসমূহতো শিলচৰ নামটোৱেই ব্যৱহাৰ কৰিবলৈ ল'লে  শিলচৰৰ বিশেষ এটা কৃতিত্ব হৈছে ১৮৫০ খৃষ্টাব্দত আধুনিক শৈলীৰ প্ৰথমপল' ক্লাবটো শিলচৰতে স্থাপন কৰিছিল মণিপুৰৰ পল' খেল বৃটিছসকলেই ভাৰত-বাৰ্মা সীমান্তৰ পৰা পুনৰউদ্ধাৰ কৰি প্ৰথম প্ৰতিযোগিতাখন শিলচৰতেই অনুষ্ঠিত কৰিছিল
কেবাবছৰো বৰাক উপত্যকাত, মূলত শিলচৰ আৰু ধৰ্মিখাল-পালংঘাটত কটোৱা দিনবোৰৰ পৰা এটা কথা মনলৈ আহে যে প্ৰকৃততে যতেই সৎ লোকৰ সংগ পোৱা যায় আৰু তেওঁলোকৰ লগত কটোৱা সেইঠাইবোৰৰ মধুৰ স্মৃতিয়ে মাজে মাজে আমাক সেইঠাইবোৰলৈ টানি লৈ যায় মনৰ নিভৃত কোণত এনে ঠাইবোৰে বিশেষ স্থান অধিকাৰ কৰে আমি নিজে এটা কাৰ্য্যকালৰ ম্যাদ পাৰ কৰি অহাৰ পিছতো সেইদিনবোৰ, সেই লোকসকলক পাহৰি যোৱা নাই সেই লোকসকল আৰু সেইঠাইবোৰ বৰাক উপত্যকাত হোৱা বাবেই উপত্যকাটোৰ সম্বন্ধে কিছু তথ্য গোটাবলৈ চেষ্টা কৰিছিলো অলপ সজাই-পৰাই আগ্ৰহী পাঠকলৈ আগবঢ়ালোঁ শেষত কবি চন্দ্রধৰ বৰুৱাৰ “স্মৃতি” নামৰ কবিতা এটাৰ কলিৰে সামৰিছোঁ-
“নোৱৰিলো পাহৰিব অতীতৰ স্মৃতি সেই
কিবা দেখোঁ ভাল পাওঁ ভাবি থাকি অকলে
সদায় মনতে শুনো
নহয় সিদিনা পুনু;
য’তে আছা থাকা ভালে, কৰো অভিলাষ এই”

 (বি:দ্ৰ: ইতিহাস সম্পৰ্কীয় তথ্যবোৰত কিছু ভুল-ভ্ৰান্তি ৰৈ যাব পাৰে)